প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিমৌ- জীৱশ্রেষ্ঠ মানুহ কিমান বর্বৰ–পৈশাচিক হ’ব পাৰে, সেয়া আকৌ এবাৰ প্রকট হ’ল। অসমৰ বিভিন্ন প্রান্তত হস্তী–মানুহৰ সংঘাত এক সমস্যালৈ পর্যবসিত হৈছে ।

এই সংঘাতত যদি কেতিয়াবা মানুহৰ মৃত্যু হৈছে, কেতিয়াবা আকৌ প্রাণ হেৰুৱাইছে বনৰীয়া হাতীয়ে ৷

শেহতীয়াকৈ শিৱসাগৰ জিলাৰ ডিমৌ খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌৰ সমীপৰ চিতলীয়া বৰদলনিত মানৱ জাতিক লজ্জানত কৰি জীৱশ্ৰেষ্ঠই অতি নৃশংসভাৱে এটা বনৰীয়া হাতী হত্যা কৰি ভক্ষণৰ বাবে কাটি লৈ যায় ইয়াৰ মাংস।

ইয়াৰ উপৰি দুস্কৃতিকাৰীয়ে মৃত বনৰীয়া হাতীটোৰ কাটি লৈ গৈছে শুৰ, দাঁত, নেজ আদি।

মানৱৰূপী দানৱৰ এই নৃশংস কাণ্ডৰ খবৰ অঞ্চলজুৰি বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত নিতাইপুখুৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ লগতে জিলা বন বিভাগৰ লোক আৰু চিকিৎসকৰ এটা দল ঘটনাস্থলত উপস্থিত হৈ ক্ষত বিক্ষত বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

জানিব পৰা মতে, কিছুদিন ধৰি বনৰীয়া হাতীটোৱে পানীদিহিং মৌজাৰ শিঙিয়নী বলিয়াবাবা থান, গেলাপথাৰ, শামুকজান আদি বিভিন্ন স্থানত বিগত কেইবাদিনো ধৰি বিচৰণ কৰি আছিল।

আমহাতে, এই ঘটনাৰ কিছুদিনৰ পূৰ্বে খাদ্যৰ সন্ধানত পানিদিহিং পক্ষী অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ ওলাই অহা এটা বনৰীয়া হাতীকো এদল মানৱ ৰূপী দানৱে হত্যা কৰি মাংস কাটি লৈ যোৱা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply