নিউজ ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া কলিয়াবৰৰ এখন চাহ বাহিচাত বিদ্যুৎপৃষ্ট হৈ শুকুৰবাৰে এটা বনৰীয়া হাতীৰ মৃত্যু হয়।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই জনোৱা মতে হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰা ঠাইখিনি বনৰীয়া হাতীয়ে প্ৰায়ে অহা-যোৱা কৰা হাতীদণ্ডি এনিমেল ক’ৰিডৰৰ ভিতৰত পৰে।
কাজিৰঙাৰ ডি এফ অ’ আৰ কে গগৈয়ে কয়, ‘ৰাষ্ট্ৰীয় উদ্যানখনৰ ঠিক কাষতে হাতীটোক উদ্ধাৰ কৰা হৈছিল। বুঢ়াপাহাৰ চাহ বাগিচাৰ অধীনত পৰা উক্ত ঠাইখিনিত তাঁৰ ওলমি থকা এটা ট্ৰান্সফৰ্মাৰ আছে, হাতীটোক ট্ৰান্সফৰ্মাৰটোত লাগি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে।’
চাহ বাগিচাৰ কোনো লোকে মৃত হাতীটোক দেখা পাই বন বিভাগক খবৰ দিয়া বুলি গগৈয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – গৰুৰ চোৰাং কাৰবাৰ তথা সৰবৰাহৰ ঘাটিত পৰিণত হৈছে বোকাখাত