নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত তীব্ৰতৰ হৈছে হাতী-মানুহৰ সংঘাত। একাংশ লোকৰ বন ধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ প্ৰৱেশ ঘটিছে বন্য প্ৰাণীৰ। এনে কাৰ্যৰ পৰিণতিত হাতী মানুহৰ সংঘাতে ধাৰণ কৰিছে চূড়ান্ত ৰূপ।

শনিবাৰে বিয়লি প্ৰায় ৩:৩০ বজাত আমছিং যোৰাবাটৰ শনি মন্দিৰৰ ওচৰত পেলনীয়া বয় বস্তু খাই আছিল। তেনে সময়তে ন-মাইল দিশৰ পৰা অহা AS 01 PC 1148 নম্বৰৰ ALTO বাহন এখন আহি বনৰীয়া হাটীটোৰ ওচৰত ৰয়। তাৰ পিছত স্থানীয় লোকে বাহনখন সেই স্থানৰ আঁতৰাই নিবলৈ কোৱাত বাহন খনৰ চালক বাহন খন কিছু নিলগত লৈ যায়।

তাৰ কিছু সময় পিছত এজন যুৱক বাহনখনৰ পৰা ওলাই আহি হাটীটোৰ সন্মুখত ৰয়। যুৱক জনে বন্য হস্তীটোক কিছু খাদ্য বস্তু দিবলৈ নিয়াৰ সময়তে হঠাৎ হাটীটোৱে উগ্ৰমূৰ্তি ধাৰণ কৰি শুৰেৰে দলিয়াই দিয়ে। উপস্থিত লোক সকলে হাটীটোক ফটকা জুই লগাই খেদাৰ চেষ্টা কৰে।

ইয়াৰ পিছত স্থানীয় লোকে গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত লোক জনক সংকজনক অৱস্থাত উদ্ধাৰ কৰি GMCH লৈ প্ৰেৰণ কৰে। স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে আঘাতপ্ৰাপ্ত লোক জনকে ধৰি ALTO বাহন খনত আছিল চাৰিজন যুৱক । আটাইকেইজন যুৱকে ন-মাইল দিশৰ পৰা সুৰাসক্ত অৱস্থাত চান্দমাৰীলৈ উভতাৰ পথত সংঘটিত হয় এই ঘটনা। অৱশ্যে যুৱক কেইজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।

ইফালে, এই সন্দৰ্ভত স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে কয়- ”হাতীটোৱে শুৰেৰে গছৰ পাত খাই আছিল। তাৰপাছত এখন গাড়ী আহি হাতীটোৰ কাষত ৰখাইছে। গাড়ীখনৰ পৰা তিনি ল’ৰা নামিছে আৰু পকেটৰ পৰা ১০ টকা ওলাই কৈছে যে- মই পইচাটো দিম। তাৰপাছত তেওঁক হাতীটোৱে শুৰেৰে ধৰি মানুহজনক দলিয়াই দিছে। আমি দেখিছিলো মানুহজনৰ কাণ আৰু নাকৰ পৰা তেজ ওলাইছে। মানুহজনে চাগে সুৰাপান কৰি আহিছিল। দিনৰ ৩.৩০ বজা মানত এই ঘটনা সংঘটিত হৈছিল।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply