প্ৰতিনিধিত্বমূলক ছবি

কাজিৰঙা : পৰ্যটকৰ বাবে ভাল খবৰ। ১ নৱেম্বৰৰ পৰা কাজিৰঙাত পৰ্যটকৰ বাবে আৰম্ভ হ’ব হাতী ছাফাৰী। জীপ ছাফাৰীৰ সমান্তৰালে পৰ্যটকৰ বাবে ১ নৱেম্বৰৰ পৰা মুকলি হ’ব হাতী ছাফাৰী। ১ অক্টোবৰৰ পৰা কাজিৰঙাত আৰম্ভ কৰা হৈছিল জীপ ছাফাৰী।

বিগত দুবছৰ ধৰি ক’ভিড মহামাৰীৰ বাবে জুৰুলা হৈ পৰা কাজৰিঙৰ পৰ্যটন উদ্যোগ ক’ভিডৰ প্ৰকোপ নিয়ন্ত্ৰণলৈ অহাৰ পিছত পুনৰ মূৰ দাঙি উঠিছে। লাহে লাহে পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা গৈছে কাজিৰঙাত।

কাজিৰঙাত অধিক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে উদ্যানখনৰ কৰ্তৃপক্ষই আহ ১ নৱেম্বৰৰ পৰা হাতী ছাফাৰী মুকলি কৰিব। পৰ্যটক সকল যাতে হাতীত উঠি কাজিৰঙাৰ পৰিৱেশ উপভোগ কৰিব পাৰে ইয়াৰ বাবে ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব হাতী ছাফাৰী।

লগতে পঢ়ক :  তাজ ভিভান্টাৰ নৈশপাৰ্টিৰ তদন্ত আগ নাবাঢ়িল কিয়

উল্লেখ্য যে ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি কৰা হৈছে জীপ ছাফাৰী। কঁহৰা আৰু বাগৰিত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছিল। ইতিমধ্যে উদ্যানখনত হাতী ছাফাৰীৰ সকলো ব্যৱস্থা সম্পন্ন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,545 other subscribers

Leave a comment

Leave a Reply