ডিলাই : কাৰ্বি আংলং জিলাৰ ডিলাই হাতীৰ দাঁতসহ দুজন যুৱক আটক। আৰক্ষীৰ অভিযানত হাতীৰ দাঁতসহ আটক হয় হোজাইৰ দুজন যুৱক। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত।

ডিলাইত আৰক্ষীৰ তালাচীত এজন বাহনৰ পৰা উদ্ধাৰ হয় হাতীৰ দাঁত। ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফণীন্দ্ৰ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই তালাচী চলাই এএছ-০২-এচি-৯৮৮৩ নম্বৰৰ এখন টাটা বলেৰ পিকআপ বাহনৰ পৰা হাতীৰ দাঁত উদ্ধাৰ কৰে।

লগতে পঢ়ক : শিশু দিৱসত যোৰহাটৰ দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন

হোজাইৰ দুজন যুৱকে টাটা বলেৰ পিকআপ বাহনখনত হাতীৰ দাঁত লুকুৱাই আনিছিল। কিন্তু আৰক্ষীৰ তালাচী অভিযানত বাহনখনৰ পৰা হাতীৰ দাঁত উদ্ধাৰ হয়। হোজাইৰ মিন্টু কৰ্মকাৰ আৰু ছাহজাহান আহমেদ নামৰ দুজন যুৱকক আটক কৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply