গুৱাহাটী : শনিবাৰে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুটিৰ বাবে পৰামৰ্শ বিচাৰি এটা ই-মেইল আইডি আৰু এটা হোৱাটছএপ নম্বৰ ৰাইজৰ বাবে মুকলি কৰে। ই-মেইল আইডিটো হ’ল assambudgetsuggestions@gmail.com আৰু হোৱাটছএপ নম্বৰটো হ’ল ৭৬৩৬৮-৭৯০১৯।
ৰাজ্যৰ প্ৰতিজন নাগৰিক উপকৃত হ’ব পৰাকৈ এইবাৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বিত্তমন্ত্ৰীয়ে এখন সৰ্বাঙ্গ সুন্দৰ বাজেট প্ৰস্তুতিৰ কাম আৰম্ভ কৰা বুলি জানিবলৈ দিছে। মুকলি কৰা এই ই-মেইলৰ জৰিয়তে ৰাইজৰ পৰা বাজেটৰ বাবে উদ্ভাৱনীমূলক পৰামৰ্শ বিচাৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। ৰাজ্যখনৰ সকলো স্তৰৰ লোকেই এই ই-মেইল আৰু হোৱাটছএপৰ জৰিয়তে আগন্তুক বাজেটত অন্তৰ্ভূক্ত কৰিব লগা উন্নয়নমূলক বিষয়ত ৩ জুলাই পৰ্য্যন্ত পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব।
আৰু পঢ়কঃ নাওকাটা অসম গ্ৰামীণ বিকাশ বেংকত আধাৰ কাৰ্ড লিংকৰ নামত ধন সংগ্ৰহৰ অভিযোগ
ক’ভিড মহামাৰীৰ বাবে ৰাজ্যখনৰ ব্যৱসায়িক সমাজ, বুদ্ধিজীৱি সমাজকে ধৰি ৰাজ্যৰ আগশাৰীৰ লোকসকলক ব্যক্তিগতভাৱে সাক্ষাত কৰি পৰামৰ্শ গ্ৰহণ কৰাত কিছু প্ৰতিবন্ধকতা থকাৰ বাবে এইদৰে পৰামৰ্শ লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে, ২০২১-২২ বৰ্ষৰ বাজেটখনৰ জৰিয়তে ৰাজ্যৰ যুৱপ্ৰজন্মক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হ’ব।