নিউজ ডেস্কঃ গোৱালপৰীয়া লোকগীতৰ একনিষ্ঠ সাধক, শিল্পী-সাহিত্যিক নিখিলেশ বৰুৱাৰ দেহাৱসান।
অসম চৰকাৰৰ শিল্পী বঁটাৰে সন্মানিত নিখিলেশ বৰুৱা যকৃত ৰোগৰ লগতে অন্যান্য ৰোগতো আক্ৰান্ত হৈ কিছুদিনৰে পৰা গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল।
অৱশেষত পৰলোকপ্ৰাপ্তি ঘটে বিশিষ্ট শিল্পীগৰাকীৰ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ ৷
আৰু পঢ়কঃডিগবৈত তেল চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান!আটক ৫ জন
৭০ দশকত কলকাতাৰ কিংবদন্তি সংগীত শিল্পী হেমন্ত মুখাৰ্জী আৰু মান্না দে’ক গান গোৱাইছিল নিখিলেশ বৰুৱাই।
ড০ ভূপেন হাজৰিকাৰ পাছত নিখিলেশ বৰুৱাই হ’ল অসমৰ দ্বিতীয়জন সংগীত শিল্পী যাৰ সংগীত নিৰ্দেশনাত মান্না দে’ আৰু হেমন্ত মুখাৰ্জীয়ে গান গাইছিল।
চলচ্চিত্ৰ জগতৰ প্ৰতিষ্ঠিত ব্যক্তিত্ব প্ৰমথেশ বৰুৱাৰ জন্ম শতবাৰ্ষিকীত নিখিলেশ বৰুৱাই দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰা ‘জীৱন শিল্পী প্ৰমথেশ বৰুৱা’ নামৰ তথ্যচিত্ৰখনে প্ৰচাৰ ভাৰতীৰ শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰিছিল।