মঙলদৈঃ বিখ্যাত কন্ঠশিল্পী মহম্মদ ৰফীয়ে কণ্ঠদান কৰা আৰু নুৰুল হকে ৰচনা কৰা দুটি কালজয়ী গীত ‘অসমীৰে চোতালতে’ আৰু ‘মোৰ দৃষ্টিত’ গীতৰ সংগীত পৰিচালকদ্বয় জিতু-তপনক দেওবাৰে মঙলদৈত ‘সঙ্গীত জ্যোতি’ উপাধি প্রদান কৰা হয়। বাৰেৰহণীয় সাংস্কৃতিক মঞ্চ, অসমে মঙলদৈ জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহৰ গজেন্দ্ৰ নাথ শালৈ সোঁৱৰণী মঞ্চত ‘মানৱ আৰু দানৱ’, ‘কাঁচঘৰ’, ‘মুক্তি’, ‘নয়নমণি’কে ধৰি ১৪খন অসমীয়া বোলছবি, ৩৭খন হিন্দী বোলছবিৰ লগতে কেইবাখনো বঙালী, ভোজপুৰী, গুজৰাটী আঞ্চলিক ভাষাৰ বোলছবি, দূৰদৰ্শনৰ ধাৰাবাহিক, টেলিফিল্ম, ডকুমেন্টৰী, ভিডিঅ’ ছবি আৰু এলবামত সুৰ কৰা এই জনপ্ৰিয় সংগীত যুটীক ‘সংগীত জ্যোতি’ সন্মান প্ৰদান কৰে। এনে সন্মান প্ৰাপ্তিৰ আনন্দত ‘জীৱন ঘড়ীৰ প্ৰতিটো পল’, ‘কেতিয়াবা মোৰ নিজকে ইমান অসহায় যেন লাগে’ আদি হাজাৰটা জনপ্ৰিয় গীতৰ স্ৰষ্টা এই জনপ্ৰিয় যুটীয়ে মঞ্চতে চকুলো বোৱাই দিয়ে।

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, লতা মংগেশকাৰ, কিশোৰ কুমাৰ, মহম্মদ ৰফী, হছৰত জয়পুৰী, ইন্দিবৰ, ডঃ নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, কুমাৰ চানু, উদিত নাৰায়ণ, অলকা য়াগনিককে ধৰি দেশৰ প্ৰায়বোৰ আগশাৰীৰ গায়ক আৰু গীতিকাৰৰ সৈতে কাম কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি তপনে কয়, মহম্মদ ৰফীৰ ব্যক্তিত্ব সঁচাই তুলনাবিহীন। যোৰহাটলৈ আহি তেওঁ মাত্ৰ দুঘন্টাৰ ভিতৰতে আখৰা কৰি ‘অসমীৰে চোতালতে—‘ শীৰ্ষক জনপ্ৰিয় গীতটো প্ৰায় ৪০ হাজাৰ জনসাধাৰণৰ সন্মুখত মহম্মদ ৰফীয়ে পৰিৱেশন কৰাৰ স্মৃতি সোঁৱৰণ কৰি এই সংগীত যুটীটোৱে কয়, এজন ভাল শিল্পী হ’বলৈ প্ৰথমে এজন ভাল মানুহ হ’ব লাগিব। সংগীত যুটীটোৱে গুৰু শ্যাম সুন্দৰ চক্ৰৱৰ্তী আৰু যোৰহাট সংগীত বিদ্যালয়ৰ কথাও স্মৰণ কৰে। ‘মঙলদৈবাসীয়ে আজি যি সন্মান প্ৰদান কৰিলে সেয়া কেতিয়াও পাহৰিব নোৱাৰিম’ বুলি উল্লেখ কৰি কয়, এই প্ৰাপ্তিয়ে আমাক ন উদ্যম আনি দিলে।
উল্লেখ্য যে, বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চ, অসমৰ উদ্যোগত দেওবাৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় অসমীয়া গীতৰ অনন্য প্ৰতিযোগিতা ‘সুৰৰ এদিন’। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ২৮ জন প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply