বৰপেটা : অৱসৰৰ দিনাই এজন কৰ্মচায়ীয়ে লাভ কৰিলে পেঞ্চনসহ সকলো প্ৰাপ্য ধনৰ মঞ্জুৰী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতিক সঠিক ৰূপ প্ৰদান কৰি বৰপেটা কোষাগাৰৰ এজন কৰ্মচাৰীক অৱসৰৰ দিনাই অন্তৰ্ৱতী কালিন পেঞ্চন মঞ্জুৰী পত্ৰৰ উপৰি কৰ্মচাৰী ভৱিষ্যনিধিৰ জমা পুঁজি, জমা ছুটিৰ নগদীকৰণ আৰু অৱসৰকালীন গ্ৰেছুইটী ভাত্তা আদি সকলো বিত্তীয় মঞ্জুৰী প্ৰদান কৰি এক প্ৰকাৰ ইতিহাস সৃষ্টি কৰিলে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে।

বৰপেটা কোষাগাৰৰ অধীক্ষক নুৰুল ইছলামে বৃহস্পতিবাৰে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল আৰু কোষাগাৰ বিষয়া ধ্ৰুৱজ্যোতি শৰ্মাৰ তৎপৰতাৰ ফলস্বৰূপে অৱসৰৰ দিনাই নুৰুল ইছলামে পেঞ্চনৰ উপৰি প্ৰায় সকলোখিনি অৱসৰকালীন প্ৰাপ্য ধনৰ মঞ্জুৰী লাভ কৰিবলৈ সক্ষম হয়। কোষাগাৰৰ তৰফৰ পৰা আগতীয়াকৈ লোৱা ব্যৱস্থাৰ ফলস্বৰূপে তেওঁ অন্তৰ্ৱতী পেঞ্চনৰ উপৰি জমা ছুটীৰ নগদীকৰণ, অৱসৰৰ গ্ৰেছুইটী আৰু কৰ্মচাৰী ভৱিষ্যনিধিৰ ধনো লাভ কৰে।

বৃহস্পতিবাৰে পুৱাৰ ভাগত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষাল, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু কোষাগাৰৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অৱসৰী অধীক্ষক গৰাকীৰ হাতত এই সম্পৰ্কীয় মঞ্জুৰী পত্ৰ সমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উপায়ুক্ত গৰাকীয়ে নুৰুল ইছলামৰ অৱসৰ জীৱন সুন্দৰ আৰু আনন্দময় হোৱাৰ কামনাৰে তেওঁক বিদায়ী সম্বৰ্দ্ধনা জনায়। ইছলামে ভৱিষ্যতেও চৰকাৰী কামত সহায়-সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।

লগতে পঢ়ক : এ পি ডি চি এল কেলেংকাৰী সন্দৰ্ভত অব্যাহত আছে তদন্ত

উল্লেখযোগ্য যে সাধাৰণতে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ লোৱাৰ দীৰ্ঘদিন পিছতো প্ৰাপ্য পেঞ্চনৰ বাবে হাবাথুৰি খাব লগীয়া হয়। অন্যান্য অৱসৰ কালিন প্ৰাপ্য ধনৰ বাবেও কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰিব লগীয়া হয়। কিন্তু উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ তৎপৰতাৰ ফলত এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে এজন কৰ্মচাৰীয়ে অৱসৰৰ দিনাই সকলো প্ৰাপ্য ধন লাভ কৰাটো অতি বিৰল উদাহৰণ বুলি সকলোৱে শলাগ লৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply