নিউজ ডেস্কঃ নতুন পেন্সন আঁচনি বাতিল কৰা দাবীত ২৭ ফেব্ৰুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্রধান দিলীপ কলিতাই শুক্ৰবাৰে প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে, কেইবাবছৰ ধৰি পৰিষদটোৱে ৰাজ্যিক কৰ্মচাৰীৰ সমস্যাসমূহ আন্দোলন, প্রতিবাদৰ পৰিবৰ্তে চৰকাৰৰ সৈতে আলোচনাৰ মাজেৰে সমাধানৰ কৰাৰ বাবে চেষ্টা কৰি আহিছে।
কিন্তু বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী সৈতে পৰিষদৰ আলোচনাত সহমতত হৈয়ো আজি পৰ্যন্ত সমস্যা সমাধানৰ কাৰ্যকৰী নোহোৱাত ৰাজ্যখনৰ কৰ্মচাৰী সমাজ প্রাপ্যৰ পৰা বঞ্চিত হোৱাৰ ভয়ে গা কৰি উঠিছে। যাৰ বাবে তেওঁলোকে ২৭ ফেব্ৰুৱাৰীত বিয়লি ৩ বজাৰ পৰা ৫ বজাৰলৈ ৰাজ্যৰ জিলা-মহকুমাত প্ৰতিবাদী সভাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাই।
উল্লেখযোগ্য যে, ১ ফেব্ৰুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে নতুন পেন্সন ব্যৱস্থা বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল কৰাৰ দাবীত ৰাজ্যজুৰি ক’লা দিৱস হিচাপে পালন কৰে। লগতে, সকলো শিক্ষক-কর্মচাৰীয়ে ক’লা বেজ পৰিধান কৰি নিজৰ নিজৰ কৰ্তব্য পালন কৰা দেখা গৈছিল।