নিউজ ডেস্কঃ অসমত নতুন এন পি এছ নিয়ম অনাৰ পিছৰে পৰা ৰাজ্যিক কৰ্মচাৰী সকলে নিজকে ভৱিষ্যত সুৰক্ষিত নথকাৰ আশংকাত বিগত বহু মাহ ধৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবলৈ প্ৰতিবাদ কৰি অহা দেখা গৈছে। যাৰ পৰিপ্ৰেক্ষিত অহা ১ ফেব্ৰুৱাৰীত ক’লা দিৱস আৰু ১০ ফেব্ৰুৱাৰীত এদিনীয়া কৰ্ম বিৰতি পালন কৰিব বুলি এন পি এছ কৰ্মচাৰীৰ সংস্থা জনাই।

মঙলবাৰে এন পি এছ কৰ্মচাৰী সংস্থাই এখন সংবাদমেল সম্বোধন কৰি কয় যে, যেতিয়া লৈকে নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন নকৰে তেতিয়া লৈকে ক্ষান্ত নহয় । লগতে তেওঁলোকে কয় যে, পুৰনি পেঞ্চন ব্যৱস্থা প্ৰণয়ন কৰাটো চৰকাৰে গুৰত্বহীন বুলি ভাবি তেওঁলোকৰ সৈতে সমাজিক অন্যায় কৰিছে।

এন পি এছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বই কয় যে, ‘ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আজি শংকিত। এন পি এছ অধীনত অৱসৰ পোৱা প্ৰায় ৯০০০ জন শিক্ষক-কৰ্মচাৰীৰ জীৱন সকলোৰে চকুৰ সন্মুখত স্পষ্ট। আজি অসমৰ কৰ্মচাৰী নিজৰ ভৱিষ্যতৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বদ্ধ পৰিকৰ। আগন্তুক দিনত পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন নকৰা পৰ্যন্ত সংগ্ৰাম কৰি যাম’।

উল্লেখ্য যোগ্য যে, ইতিমধ্যে ৰাজস্থান, ছট্টিশগড়, ঝাৰখণ্ড, পঞ্জাব আৰু হিমাচল প্ৰদেশ চৰকাৰে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰি দিয়া দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply