আজিৰ পৰা আৰম্ভ হোৱা নতুন বিত্তীয় বর্ষত আয়কৰ নীতিত বহু সালসলনি কৰিছে। এই নতুন নীতি মৰ্মে চাকৰিয়ালসকলৰ ওপৰত চাপ চাপ বহুখিনি বঢ়াৰ সম্ভাবনা । চাকৰিয়াল সকলে ইমান দিনে সঞ্চয়ৰ লগতে কৰ বচোৱাৰ ক্ষেত্ৰত প্রভিডেন্ট ফান্ডত (পিএফ) জমা কৰিছিল।

কিন্তু আজিৰে পৰা আৰম্ভ হোৱা নতুন নীতি মতে পিএফত জমা কৰা ধনৰ ক্ষেত্ৰতো সুদ আহিব আয়কৰৰ অধীনলৈ।

বৰ্তমান সময়ত পিএফৰ ওপৰত সুদৰ হাৰ কমি ৮.১ শতাংশ হৈছে। ই স্বাভাবিকভাবেই চাকৰিয়ালসকলৰ আয় যথেষ্ট পৰিমানে কমাব। ইয়াৰ বিপৰীতে যিসকলে পিএফৰ বাবদ নির্দিষ্ট পৰিমাণতকৈ বেছি ধন জমা কৰে তেওঁলোকে এতিয়াৰে পৰা আয়কৰ দিব লাগিব।

যোৱা সাধাৰণ বাজেটত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ঘোষণা কৰা মতে, প্ৰতি বছৰত আঢ়ৈ লাখ টকাৰ ওপৰত পিএফ সঞ্চয় হ’লে এতিয়াৰে পৰা সুদৰ ওপৰত কৰ দিব লাগিব। ইমান দিনে কৰ বচাবৰ বাবে বহু চাকৰিয়ালে ৫ লাখ টকা পর্যন্ত পিএফত বছৰি ধন জমা কৰিব পাৰিছিল।

কিন্তু আজিৰে পৰা আৰম্ভ হোৱা নতুন বিত্তিয় বৰ্ষত সকলো ধৰণৰ প্রভিডেন্ট ফান্ডত (পিএফ) কৰ্মচাৰীসকলে বছৰত ২.৫ লাখ টকাৰ অধিক জমা কৰিলেই কৰৰ আওতালৈ আহিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply