তেজপুৰঃসমগ্ৰ ৰাজ্যতে বিদ্যুৎ চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে বিদ্যুৎ বিভাগ ৷
তেজপুৰত বিদ্যুৎ চুৰিৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্য্য়ালয়ৰ ভিতৰতে আক্ৰমণৰ বলী হ’ল এজন কৰ্মচাৰী ৷
জানিব পৰা মতে, তেজপুৰ বিদ্যুৎ সংমণ্ডলৰ ছিনিয়ৰ মিটাৰ ৰিডাৰ ৰাম বনিয়াক বিভাগটোৰ ঠিকাভিত্ত্বিক কৰ্মচাৰী ধ্ৰুৱ কলিতাই আক্ৰমণ কৰি মাৰ পিট কৰে ৷
আৰু পঢ়কঃফকিৰগঞ্জত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়াবহ গৰাখহনীয়া
কাৰণ ধ্ৰুৱ কলিতাৰ খুৰাক অচ্যুত কলিতাই তেজপুৰ চহৰৰ ব্যৱসায়ী আনন্দ কিশোৰ আগৰৱালাক বিদ্যুৎ চুৰিত সহায় কৰি দিছিল ৷ ইতিমধ্যে বিদ্যুৎ বিভাগে আগৰৱালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
বিদ্যুৎ চুৰিত জড়িত আছে একাংশ বিভাগৰে অস্থায়ী কৰ্মচাৰী৷ যাৰবাবে ধ্ৰুৱ কলিতাই আক্ৰমণৰ লক্ষ্য কৰি লয় চুৰিকাৰ্যত ধৰা পেলোৱা বিষয়াক ৷