নিউজ ডেস্কঃ নিয়োগ বিনিময় কেন্দ্ৰ অৰ্থাৎ এমপ্ল’য়মেন্ট এক্সেঞ্জত পঞ্জীয়ন তথা পুনঃ পঞ্জীয়ন কৰাৰ সন্দৰ্ভত অসমৰ যুৱক-যুৱতীসকলৰ বাবে এক ভাল খবৰ। পূৰ্বে অফলাইন পদ্ধতিত সকলোৱে কৰিছিল পঞ্জীয়ন। কিন্তু ২০২১ত বিজেপিৰ নতুন চৰকাৰখন গঠন হোৱাৰ পাছত অনলাইন যোগে নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীয়ন বা পুনঃপঞ্জীয়ন কৰিব পৰা যাব বুলি ঘোষণা কৰা হৈছিল।
এতিয়া অসম চৰকাৰে এই সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে স্পষ্টকৈ কৈছে যে- ‘অসম নিয়োগ বিনিময় কেন্দ্ৰসমূহত পূৰ্বৰ অফলাইন পদ্ধতিৰে যিসকলে নাম পঞ্জীয়ন কৰিছিল, তেওঁলোকৰ পঞ্জীকৃত নম্বৰসমূহৰ গ্ৰহণযোগ্যতা অহা ৩১ মাৰ্চৰ পাছত নাথাকিব।’
ইফালে, নিয়োগ বিনিময় কেন্দ্ৰৰ অনলাইন ৱেবছাইট employment.assam.gov.in ত গৈ সকলোৱে অনলাইন পঞ্জীয়ন/পুনঃপঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে অৱশ্যে কেতবোৰ নিয়মাৱলী বান্ধি দিয়া হৈছে। সেই নিয়মাৱলীসমূহ ক্ৰমে-
- employment.assam.gov.in আৰু rtps.assam.gov.in দৰ্শন কৰক
- নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীয়ন কৰক
- আপোনাৰ ব্যৱহাৰকাৰী আই ডি আৰু পাছৱৰ্ডৰ জৰিয়তে পৰ্টেলত লগ ইন কৰক
- ‘নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়ন/পুনঃপঞ্জীয়ন’ বাচনি কৰক
- নিৰ্দেশনাৱলী পঢ়ক আৰু আৱেদন পত্ৰখন পূৰণ কৰক
- পূৰণ কৰা প্ৰপত্ৰ দাখিল কৰক আৰু পৰিচয় পত্ৰৰ প্ৰয়োজনীয় নথি আপলোড কৰক
- পঞ্জীয়ন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক আৰু লগে লগে পঞ্জীয়ন প্ৰমাণপত্ৰ লাভ কৰক