গাড়ীগাঁৱৰ কিশোৰী ধর্ষণৰ মূল অভিযুক্ত বিকি আলী নিহত। আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় বিকি আলী। আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰোতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰে বিকি আলীক।
নিশা জি এম চি এইচলৈ অনা হয় নিহত বিকি আলীক। মঙলবাৰে আৰক্ষীয়ে দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল বিকি আলীক। এগৰাকী কিশোৰীক চাৰি বন্ধুৰ সৈতে মিলি ধর্ষণ কৰিছিল বিকি আলীয়ে।
কিশোৰী গৰাকীৰ অশ্লীল ভিডিঅ’ বনাই কিশোৰী গৰাকীক ব্লেকমেইল কৰি কৰি পাঁচজনকৈ যুৱকে ধর্ষণ কৰিছিল।
ধৰ্ষণৰ পিছৰে পৰা পলায়ন কৰি আছিল মূল অভিযুক্ত বিকি আলীৰ লগতে আন চাৰি অভিযুক্ত। বর্তমানেও চাৰি অভিযুক্ত পলায়ন কৰি আছে।
গঁড়ভঙা বনাঞ্চল নিশা অভিযানত আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল বিকিয়ে।পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টুইংকল গোস্বামীৰ ছাৰ্ভিচ ৰিভালভাৰ কাঢ়ি নিয়ে বিকি আলীয়ে। তাৰ পিছতে আৰক্ষীলৈ লক্ষ্য কৰি দুই জাঁই গুলী ফুটাই ধৰ্ষণকাৰী বিকিয়ে।
আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে বিকি আলীলৈ গুলীয়াবলৈ বাধ্য হয়।’’ গাড়ীগাঁও এনকাউণ্টাৰ সন্দৰ্ভত এক সংবাদমেলত স্পষ্ট কৰিছে ডিচিপি নৱনীত মহন্তই ।