নগাঁও জিলাৰ ৰূপহীৰ শিঙিমাৰীত পুনৰ এনকাউন্টাৰ ঘটনা। আৰক্ষীৰ গুলীত এজন ড্ৰাগছ ব্যৱসায়ী গুলীবিদ্ধ হয়। ৰূপহীৰ ছাইদৰীয়াত এণ্টি নাৰ্কটিক স্কোৱাডৰ এনকাউণ্টাৰ ।


আৰক্ষীৰ গুলীত আহত হোৱা ড্ৰাগছ ব্যৱসায়ীৰ নাম জাহাঙ্গীৰ আলম। শিঙিমাৰী বজাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ আহোতে আৰক্ষীৰে হয় মুখামুখী।


গুলীবিদ্ধ অবস্থাত ব্যৱসায়ী জাহাঙ্গীৰ আলমক আৰক্ষীয়ে কৰায়ত্ত কৰে। ব্যৱসায়ী জনক আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাইছে।

এই ঘটনাটো সংঘটিত হয় সন্ধ্যা ৭.৩০ বজাত। নতুন বছৰৰ ৫টা দিনত ৰাজ্যত তৃতীয়টো এনকাউণ্টাৰ ।

লগতে পঢ়ক- ৰাজ্যত অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা দুজনলৈ বৃদ্ধি, ক’ভিড আক্ৰান্তও বাঢ়িছে

কুখ্যাত ড্ৰাগছ মাফিয়া জাহাংগীৰ আলমৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানত ৩ টা বাকচ ভৰ্তি ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক।আটকাধীন মহিলা গৰাকীৰ নাম ৰৌচন বিবি বুলি জানিব পৰা গৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply