বিশ্বনাথত ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী৷নিশা বিশ্বনাথৰ জিনজিয়াত সংঘটিত হৈছে এই ঘটনা৷
এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মোহিম শৰ্মা নামৰ ৫৬ বছৰীয়া লোকজনৰ বিৰুদ্ধে৷ইয়াৰ পিছতে গঞাঁই দেওবাৰে চুলি খূড়াই,মূখত চূণ লেপি,চেণ্ডেলৰ মালা পিন্ধাই গাঁৱৰ মাজৰে সমদল কৰি আনি আৰক্ষীক চমজাই দিছিল এই নৰপিশাছটোক৷
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ কৰায়ত্ব কৰে অভিযুক্তক। ইয়াৰ পাছতেই দেওবাৰে মাজনিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীচালনা কৰে।
আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মাজনিশা পলায়ণৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে নৰপিশাছটোলৈ৷এটা ভৰিত গুলী লগা নৰপিশটোক নিশাই তেজপুৰ মেডিকেল কলেজ হস্পিতালৈ প্ৰেৰণ কৰা হৈছে৷