কৰিমগঞ্জ: কালি বিএছএফে ৰেলত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ কৰা দুজন যুবকৰ ভিতৰত এজন নুৰুল ইছলাম আৰক্ষীৰ এনকাউন্টত মৃত্যু হৈছে । চাৰিটা পিষ্টল সহ ডিমাপুৰৰ পৰা পাথাৰকান্দিলৈ যোৱাৰ পথত বদৰপুৰত আটক কৰিছিল দুয়োকে ।
কালি নিশা আৰক্ষীক আক্ৰমন কৰি পলাবলৈ চেষ্টা কৰোতেই কৰিমগঞ্জৰ বদৰপুৰত আৰক্ষীৰ এনকাউন্টৰত নিহত এক আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰি নুৰুল ইছলাম। নুৰুল ইছলামৰ ঘৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত। সীমান্তৰক্ষী বাহিনীয়ে ৫টা কৈ পিস্তল সহ নুৰুল ইছলাম আৰু লিয়াং খাইমনক আটক কৰি বদৰপুৰ আৰক্ষীৰ হাতত গতাই দিছিল ।
দুয়োক আজি আদালতত হাজিৰ কৰাৰ কথা আছিল । কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকে দিয়া ভাষ্য অনুসৰি, নুৰুলে নিশাৰ ভাগত আৰক্ষীক জনাইছিল, তেঁওৰ জনা মতে, ভাংগা অঞ্চলত বহুতৰ ঘৰত আগ্নেয়াস্ত্ৰ লুকুৱাই থোৱা বুলি অবগত কৰে ।
সেই হিচাপে নিশা আৰক্ষীয়ে নুৰুল ইছলামক লৈ বদৰপুৰৰ নিৰালা অঞ্চলত গৈ পিস্তল কাণ্ডৰ সৈতে জড়িত অপৰাধীক ধৰিবৰ বাবে লৈ যায় । কিন্তু সুযোগ বুজি নুৰুল ইছলামে আৰক্ষী ঠেলা মাৰি পেলাই ৰিভলভাৰ কাঢ়ি লৈ গুলি চালনা কৰি পলাবলৈ চেষ্টা কৰে ।
আৰক্ষীয়ে বাধ্য হৈ গুলি চলোৱাত আহত হয় নুৰুল । আহত অবস্থাত শ্ৰীগৌৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে নুৰুল ইছলামৰ মৃত্যু হোৱা বুলি জনায় । বদৰপুৰ নিৰালা গাঁওৰ পথাৰত এনকাউন্টৰৰ ঘটনাটো সংঘটিত হয় ।
বৰ্তমান সময়ত আৰক্ষীয়ে ঘেৰি ৰাখিছে ঘটনাস্থলী । বদৰপুৰ আৰক্ষীক আক্ৰমন কৰাৰ বাবেই নৰুল ইছলামক এনকাউন্টৰ কৰিবলগা হৈছিল, নে আন কাৰন আছে সেই বিষয়টোক লৈ অঞ্চলবাসীৰ মাজত প্ৰশ্ন উদয় হৈছে ।
লগতে পঢ়ক আজিৰে পৰা পেৰালিম্পিক, ভাৰতীয় খেলুৱৈৰ দেহত কোৰোনা ভাইৰাছ