সোণাৰি: ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰপৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে।

স্থানীয় লোকৰ দ্বাৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশাল তথা প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদামৰ মাটি বেদখলকাৰীৰ কৱলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে। সম্প্ৰতি বেদখলকাৰীৰ কৱলত আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউৰ বহু বিঘা মাটি।

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে  আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তি ঘটিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য ।

এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰপৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

কিন্তু অতি পৰিতাপৰ কথা যে, দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ  এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰাৰ লগতে দেওশালৰ মাটি ব্যক্তিগত ম্যাদী পট্টাৰ মাটি বুলি দাবী জনাইছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে।

লগতে পঢ়ক-প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল অসম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply