বিমল বৰা সোণাৰিত

সোণাৰি : ৰাজ্যৰ এক লক্ষ নিবনুৱাক ডেৰ বছৰৰ ভিতৰত নিযুক্তি প্ৰদান কৰা হ’ব । শক্তিখণ্ডৰ উন্নয়নৰ বাবে ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিয়া হৈছে। এই মন্তব্য মন্ত্ৰী বিমল বৰাৰ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ; সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি সোণাৰিত উপস্থিত হৈ চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ক’ভিড-১৯ আৰু চৰাইদেউ জিলাৰ উন্নয়নৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।

মন্ত্ৰী বিমল বৰাৰ উপৰিও উক্ত পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ‌ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত বিনীতা পেগু; অতিৰিক্ত উপায়ুক্ত দ্বয় মৌচুমী চেতিয়া আৰু জাভেড আৰমানৰ লগতে চৰাইদেউ জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলে অংশগ্ৰহণ কৰে। উক্ত পৰ্যালোচনা সভাত মন্ত্ৰী বৰাই চৰাইদেউ জিলাৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আগন্তুক দিনত এই সন্দৰ্ভত ল’বলগা ব্যৱস্থা সম্পৰ্কে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকলক অৱগত কৰে।

ভেকচিনৰ ষ্টক, ভেকচিনৰ কেন্দ্ৰ, চেনিটাইজেশ্যন,মাস্ক পৰিধান আৰু চৰাইদেউ জিলাৰ ক’ভিড-১৯ ৰ পৰিসংখ্যা আদি বিভিন্ন বিষয়ৰ ওপৰত সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰিও চৰাইদেউ জিলাত নিৰ্মীয়মান বিভিন্ন বিভাগৰ কাৰ্যালয় গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, সৌৰশক্তি চালিত পাম্প, খেলপথাৰ উন্নয়ন, মাংস আৰু গাখীৰৰ চাহিদা পূৰণ কৰিব পৰাকৈ ল’ব লগা ব্যৱস্থা, গাঁও পৰ্যায়ৰ ক’ভিড ব্যৱস্থাপনা সমিতি স্থাপন, আই চি ইউ নিৰ্মাণ, স্থানীয় যুৱকৰে উন্নয়নমূলক কামৰ চাহিদা পূৰণ, মৎস্য উৎপাদন তথা উন্নয়ন, ভূমি পট্টা বিতৰণ, চালক সজাগতা শিবিৰ, মাদক দ্ৰব্য নিবাৰণ সন্দৰ্ভত বাটৰ নাট প্ৰদৰ্শন আদি বিভিন্ন বিষয়ৰ ওপৰত পুংখানুপুংখ ভাৱে আলোচনা কৰে।

বিভাগীয় মূৰব্বীসকলক তৎকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। মন্ত্ৰী বিমল বৰাৰ উপৰিও মন্ত্ৰী যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ‌ধৰ্মেশ্বৰ কোঁৱৰেও সভাত বক্তব্য ৰাখে।

লগতে পঢ়ক কামপুৰৰ কঠীয়াতলী শগুণবাহীৰ কিশোৰী সন্ধানহীন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply