নিউজ ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰম্ভণি দিনাই থকা ইংৰাজী বিষয়ৰ পেপাৰ ফাদিল হৈছে বুলি ৰাজ্যজুৰি আজি দিনৰ ভাগত তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গ’ল।

বৰপেটাৰ জিলাৰ পৰা প্ৰশ্ন কাকত ফাদিল হোৱা বুলি সামাজিক মাধ্যমত খবৰটোৱে তোলপাৰ লগাইছিল।

এই সন্দৰ্ভত বৰ্তমান পৰীক্ষা নিয়ন্ত্ৰকে  প্ৰতিক্ৰিয়া আগবঢ়াইছে। নিয়ন্ত্ৰকে প্ৰশ্নকাকত ফাদিল হোৱা কথাটো অস্বীকাৰ কৰি কয় যে, পৰীক্ষা আৰম্ভ বোৱাৰ এঘণ্টাৰ পিছত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীক জোৰ-জুলুমকৈ ৰখাৰ নিয়ম নাই।

লগতে তেওঁ কয় যে, ১০.৫৫ বজাৰ পিছত প্ৰশ্ন কাকত পৰীক্ষাৰ্থীয়ে মোবাইলত ফটো দিলে তাৰ বাবে ছেবা দায়বদ্ধ নহয়। ৮.৫৫ আগত যদি প্ৰশ্নকাকত প্ৰকাশ পায় তেতিয়া হ’লে সেয়া ফাদিল, কিন্তু ৯ বজাৰ পিছত প্ৰশ্নকাকত ওলালে সেয়া ফাদিল হিচাপে ধৰিব নোৱাৰে।

নিখুতভাৱে সম্পন্ন হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকতৰ পৰীক্ষা, পৰীক্ষাৰ নিয়ন্ত্ৰকে কয়।

লগতে পঢ়ক – বঙাইগাঁৱত জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply