নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান।
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ চৌখাম আৰক্ষীয়ে এক গোপন তথ্যৰ আধাৰত চৌখামৰ এখন গাঁৱৰ পৰা নগা বিদ্ৰোহী সংগঠন ENNG ৰ এগৰাকী কেডাৰৰ লগতে ENNG লগত জড়িত থকাৰ অভিযোগত আন তিনিজন লোকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
আটকাধীন ENNG উগ্ৰপন্থী সদস্য গৰাকীৰ নাম চাও কিনতা খামহু(২৫) বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃশ্ৰমিকৰ দুখ-যন্ত্ৰণা মই ভালদৰে উপলব্ধি কৰিব পাৰো : ৰামেশ্বৰ তেলী
সদস্যজনৰ পৰা এটা M-22 ৰাইফলছ, 35 জাই সক্ৰিয় গুলি, দুটা মেগজিনৰ লগতে বিভিন্ন আপতিজনক নথি পত্ৰ উদ্ধাৰ কৰে অৰুণাচল প্ৰদেশ আৰক্ষীয়ে।

সদস্য কেইগৰাকীয়ে বিভিন্ন সময়ত চৌখাম উদ্যোগ প্ৰতিষ্ঠান, ব্যৱসায়ী সকলৰ পৰা ধন দাবী কৰি আহিছিল। বৰ্তমান চৌখাম আৰক্ষীয়ে উগ্ৰপন্থী সদস্য কেইগৰাকীৰ পৰা অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে।।