সোণাৰিঃ নাগালেণ্ডৰ অ’টিংবস্তিৰ নাৰকীয় ঘটনা সন্দৰ্ভত উত্তাল হৈ আছে পাহাৰীয়া ৰাজ্য নাগালেণ্ড। চুবুৰীয়া ৰাজ্যখনত সেনাৰ বিৰুদ্ধে কন্যাক ইউনিয়নে কঠোৰ স্থিতি গ্ৰহণ কৰা পাছত এইবাৰ নিজৰ স্থিতি প্ৰকাশ কৰিছে ইষ্টাৰ্ণ নগালেণ্ড পিপ’লছ অৰ্গেনাইজেচন চমুকৈ ENPOই।
কালি অনুষ্ঠিত হোৱা ENPOৰ এখন সভাত এই সন্দৰ্ভত গ্ৰহণ কৰিছে কেতবোৰ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি চাৰি আৰু পাঁচ ডিচেম্বৰত সেনাৰ গুলীত নিহত লোক কেইজনৰ পৰিয়ালে ন্যায় নোপোৱালৈকে সেনাবাহিনীক সহযোগিতা নকৰে পূব মন জিলাৰ জনসাধাৰণে।
দ্বিতীয়তে নিৰাপত্তাৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰা বুলি দেশৰ গৃহমন্ত্ৰীয়ে লোকসভাত দিয়া বিবৃতি প্ৰত্যাহাৰ কৰিব লাগিব। তৃতীয়তে উত্তৰপূবৰ আটাইকেইখন ৰাজ্যৰপৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ দাবী।

আনহাতে, ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ নকৰাৰ লগতে সেনাৰ কাৰ্যসূচী আৰু তেওঁলোকৰ আমন্ত্ৰণ গ্ৰহণ নকৰাৰ উপৰিও পূব নগালেণ্ডত সেনাৰ নিযুক্তি প্ৰক্ৰিয়া হবলৈ নিদিয়ে সংগঠনটোৱে। ইফালে চাৰি আৰু পাঁচ ডিচেম্বৰৰ ঘটনা সন্দৰ্ভত নগালেণ্ডৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ বিচৰা লগতে এই দিন দুটা ক’লা দিৱস হিচাপে ঘোষণা কৰিছে ENPOয়ে।
লগতে পঢ়কঃ নিৰ্দিষ্ট সময়ৰ ভিতৰত উন্নয়নমূলক কাম-কাজ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ