নিউজ ডেস্কঃ ২০২১-২২ বৰ্ষৰ বাবে কৰ্মচাৰী ভৱিষ্যৎ নিধি চমুকৈ ইপিএফঅ’ৰ সুতৰ হাৰ হ্ৰাস কৰা হৈছে। পিটিআইৰ পৰা লাভ কৰা খবৰ অনুসৰি, কৰ্মচাৰী ভৱিষ্যৎ নিধিৰ সুতৰ হাৰ ৮.৫ শতাংশৰ পৰা হ্ৰাস কৰি ৮.১ শতাংশ কৰি দিয়া হৈছে।
শনিবাৰে ইপিএফঅ’-য়ে ২০২১-২২ বিত্তীয় বৰ্ষত ভৱিষ্যৎ নিধিৰ সুতৰ হাৰ ৮.১ শতাংশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দশকৰ ভিৰত ভৱিষ্যৎ নিধিৰ হাৰ এয়াই হ’ব আটাইতকৈ কম। উল্লেখ্য যে, ইপিএফঅ’ৰ চেন্ট্ৰেল বৰ্ড অৱ ট্ৰাষ্টীৰ বৈঠকত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধিৰ সুতৰ হাৰ ৮.১ শতাংশ কৰাৰ সিদ্ধান্ত বিত্ত মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা হ’ব।
ইপিএফঅ’ৰ এই সিদ্ধান্তৰ প্ৰভাৱ পৰিব প্ৰায় ৬ কোটি লোকৰ ওপৰত। এফালে, প্ৰায় প্ৰতিদিনাই দেশত সামগ্ৰীৰ মূল্য বৃদ্ধি পাই গৈ আছে, আনফালে, পিএফৰ ক্ষেত্ৰত লাভ কৰা সুতৰ হাৰো হ্ৰাস কৰিছে চৰকাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে ১৯৭৭-৭৮ চনত এই সুতৰ হাৰ আছিল ৮ শতাংশ। তাৰপাছত ২০২১-২২ বিত্তীয় বৰ্ষত এই সুতৰ হাৰ আটাইতকৈ কম কৰা পৰিলক্ষিত হৈছে।