বৰপেটা : গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰপেটা জিলাত। বৰপেটাৰ নৈ-পৰীয়া অঞ্চলৰ ৰাইজৰ বাবে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। নিশাৰ ভিতৰতে নিজৰ ঘৰ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে নৈ-পৰীয়া ৰাইজে।

বৰপেটাৰ বিভিন্ন প্ৰান্তৰ লগতে কাছুমাৰাত কাতি মহীয়া বাঢ়নী পানীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে বহু লোকৰ ঘৰ-দুৱাৰ। গৰাখহনীয়াৰ ফলত বাসস্থান হেৰুৱাই আশ্রয়হীন হৈ পৰা লোক সকলৰ মাজত দেখিবলৈ পোৱা গৈছে এক হাহাকাৰ পৰিস্থিতিৰ।

নদীৰ তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই বহু পৰিয়ালে নিজৰ ঘৰ স্থানান্তৰ কৰাত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে নিশাৰ ভাগতে বহু পৰিয়ালে নিৰাপদ স্থানলৈ নিজৰ ঘৰ স্থানান্তৰ কৰিছে। বাসস্থান হেৰুৱাই বহু লোক নদীৰ পাৰতে কান্দোনত ভাঙি পৰা দেখিবলৈ পোৱা যায়।

লগতে পঢ়ক : ৰাজ্যত পুনৰ ৮ কোটি টকাৰ হেৰোইন জব্দ; ২ জনক গ্ৰেপ্তাৰ

ইফালে গৰাখহনীয়াৰ ফলত আশ্রয়হীন হৈ পৰা লোক সকলে ক্ষোভ উজাৰিছে স্থানীয় বিধায়ক আৰু সাংসদৰ ওপৰত। নিৰ্বাচনৰ পূৰ্বে গৰাখহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিয়া নেতা সকল নিৰ্বাচনৰ পিছত আমাক পাহৰি যায় বুলি কয় ক্ষোভিত ৰাইজে। চৰকাৰক অতি শীঘ্ৰে গৰা খহনীয়া ৰোধ কৰাৰ আহ্বান জনাইছে ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply