কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত এই খৰালি কালতো বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া অব্যাহত থকাত চিন্তিত হৈ পৰিছে নৈ পৰীয়া ৰাইজে ।
উল্লেখযোগ্য যে,যোৱা বৰ্ষত বিধ্বংসী গৰাখহনীয়াৰ ফলত কাউৰজাহী ইছব বজাৰৰ কাষতে থকা কলগাছিয়াৰ পৰা মোৱামাৰীলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ৰাস্তা, মথাউৰীৰ লগতে প্ৰায় এক সপ্তাহৰ ভিতৰতেই জামাল উদ্দিন,আবুল কালাম, আকমত আলী, হজৰত আলী, ছলিম উদ্দিন, বাদশা মিয়া, ৰহিমা খাতুনকে ধৰি প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ভেটি উছন কৰিছে ।
খহনীয়াৰ কৱলত পৰি ভূক্তভোগী ৰাইজে সৰ্বশান্ত হোৱাৰ পিছতো স্থানীয় জনপ্ৰতিনিধি তথা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই । ফলত এই খৰালিৰ সময়তো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰাত স্থানীয় সাংসদ আব্দুল খালেক আৰু জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজে ।
স্থানীয় জনপ্ৰতিনিধি সকলে খবৰ লবলৈ আহৰি নোপোৱাত জনপ্ৰতিনিধি সকল জীয়াই আছেনে নাই সেই লৈও প্ৰশ্ন উত্থাপন কৰিছে খহনীয়াগ্ৰস্থ ৰাইজে । সম্প্ৰতি এই খৰালিৰ সময়ত শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি, শওপুৰ আৰু কলগাছিয়ালৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিব বুলি আশংকা কৰি শীঘ্ৰে বৰপেটা জিলা প্ৰশাসনক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চকুমেলি চাবলৈ ভূক্তভোগী ৰাইজে আহ্বান জনাইছে।
লগতে পঢ়ক- অভয়াপুৰীত দোকানৰ ভিতৰত সোমাল উইংগাৰ বাহন