মানকাচৰ : দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বিশেষকৈ ফকিৰগঞ্জ অঞ্চলত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই যি কালৰূপ লৈছে সেয়া অঞ্চলবাসী ৰাইজৰ মাজত আতংকিত কৰি তুলিছে । কাৰণ আৰু মাত্ৰ কেইটামান দিনৰ পিছত বাৰিষা আহিব তেতিয়া ব্ৰহ্মপুত্ৰ গৰাখহনীয়াই তাণ্ডৱ সৃষ্টি কৰিব তেতিয়া গৰাখহনীয়া গ্ৰস্থ ৰাইজ ক’ত যাব কি কৰিব সেই চিন্তাই নিদ্ৰা হৰণ কৰিছে স্থানীয় ৰাইজৰ।
স্থানীয় ৰাইজ লগতে ছাত্র সন্থাই ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে কেইবাবাৰো স্থানীয় বিধায়ক ,সাংসদ চৰকাৰ আৰু প্রশাসনক দাবী জনাই আহিছিল যদিও ৰাইজৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই যাৰ বাবে ৰাইজ আজি আতংকিত ভীতিগ্ৰস্থ হৈ পৰিছে।
অচিৰেই দক্ষিণ শালমাৰা সমষ্টিৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধ কৰি দক্ষিণ শালমাৰাবাসীক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ স্থানীয় জনপ্ৰতিনিধি, চৰকাৰ, আৰু প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে ।
লগতে পঢ়ক অসম নাগালেন্ডৰ সীমান্তৰ ধনশিৰিত সেনা-আৰক্ষীৰে সংঘৰ্ষ, নিহত ৬ ডিএনএলএ সদস্য