ধুবুৰী : ধুবুৰী জিলাৰ দক্ষিণ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বিগত প্ৰায় এটা মাহৰ ভিতৰত জিলাখনৰ চতলাৰপাৰ, পামপাৰা, মাটিফাটা আদি এলেকাত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই তাণ্ডৱ অব্যাহত ৰাখিছে। অঞ্চল কেইটাত নদীৰ পাৰ চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰিছে।
ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বহু পৰিয়াল এতিয়া নিজৰ নিজৰ ঘৰ গৰাখহনীয়াৰ বাবে স্থানান্তৰ কৰিবলগীয়া হৈছে। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চল কেইটাত। কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য অবিহনে নিজৰ সপোনৰ ঘৰখন গাড়ী ভাৰা কৰি স্থানান্তৰ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজ।
ইয়াৰ মাজতে ধুবুৰী জিলাৰ বওলাকান্দি ছোৱালী এম ই মাদ্ৰাছা ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰাত শিক্ষক সকল চিন্তিত হৈ পৰিছে। উক্ত বিদ্যালয়খন বিগত ১৯৯১ চনত স্থাপিত হৈছিল আৰু শ্রেণী আৰম্ভ হৈছিল ১৯৯২ চনত। কিন্ত পৰিতাপৰ বিষয় এয়াই যে আজিলৈকে উক্ত বিদ্যালয়খন প্ৰাদেশীকৰণ নহ’ল।
নিজৰ পৰিয়ালৰ মুখত এমুঠি অন্ন দিয়াৰ বাবে প্ৰতিদিনেই চিন্তাত হৈ থকাৰ বিদ্যালয়খনৰ শিক্ষকসকল বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰাত অধিক চিন্তিত হৈ পৰিছে। বিদ্যালয়খন স্থানান্তৰ কৰাৰ বাবেও আৰ্থিকভাৱে সক্ষম নহয় শিক্ষক সকল।
লগতে পঢ়ক : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা সদনত হুলস্থুলীয়া পৰিৱেশ
ইফালে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে বিদ্যালয়খনৰ এনে অৱস্থাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে শিক্ষক সকল। চৰকাৰ তথা জনপ্ৰতিনিধিক কিছু আৰ্থিক সহায়ৰ বাবে অনুৰোধ জনাইছে শিক্ষক সকলে।