কলগাছিয়া: জনীয়া বিধানসভা সমষ্টিৰ মাজেৰে বৈ যোৱা বেঁকী নদীৰ গৰাখহনীয়াৰ বিধ্বংসী ৰূপে ৰীইজৰ ভেটি মাটি সকলো শেষ কৰি গৈছে এফালৰ পৰা । বিগত দুই মাহত নৈখনৰ বুকুত জাঁহ গৈছে কাউৰঝাহী, কাছুকাটী, খাৰবাল্লী আৰু বেছিমাৰী গাঁৱৰ শ শ পৰিয়ালৰ ঘৰ বাৰী,কৃষিভুমিৰ লগতে মূল্যৱান গছ-গছনি।
যাৰ ফলত নৈপৰীয়া ৰাইজে নিজৰ ভেটি-মাটি হেৰুৱাই দিশহাৰা হৈ পথৰ ভিক্ষাৰীত পৰিণত হৈছে। স্থানীয় জনপ্ৰতিনিধি আৰু বৰপেটা জিলা প্ৰশাসনক নৈখনৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাৰম্বাৰ দাবী জনাই আহিছে যদিও ৰাইজে পোৱা নাই কোনো সুফল। যাৰফলত উপায়ন্তৰ হৈ অঞ্চলটোৰ শ শ ৰাইজে একত্ৰিত হৈ খহনীয়া প্ৰতিৰোধৰ আশাৰে অন্তিম ভৰষা হিচাপে আল্লাহৰ ওচৰত সমূহীয়া দোৱা কৰিছে।
নৈখনৰ গৰাখহনীয়াত সকলো শেষ হৈ যোৱা পৰিয়ালসমূহৰ লগতে আৰু বহুতো পৰিয়ালৰ মাটি নদীত জাঁহ যোৱাৰ উপক্ৰম হোৱাৰ বাবে ইয়াৰ প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীষুষ হাজৰিকাৰ ওচৰত দাবী জনাইছে অসহায় নৈপৰীয়া ৰাইজে।

লগতে পঢ়ক কোৰোনাৰ ভেকচিন দুটা নালাগে এটা পালিতেই হ’ব এতিয়াৰে পৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply