নিউজ ডেস্ক : ক’ভিডৰ টীকা গ্ৰহণ কৰা সকলে এতিয়াৰ পৰা ক’ৱিন পৰ্টেলত (CoWIN portal)গৈ তেওঁলোকৰ টীকাকৰণৰ প্ৰমাণপত্ৰত যদি কিবা বিসংগতি আছে তাক ঠিক কৰিব পাৰিব।

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অতিৰিক্ত সচিব বিকাশ শ্যীলে চৰকাৰে ক’ৱিন পৰ্টেলত কিছু নতুন ফিচাৰ সংযোগ কৰিছে যাৰ জৰিয়তে ভেকচিন লাভ কৰা লোকসকলে টীকাকৰণৰ প্ৰমাণপত্ৰত থকা ভুল-ত্ৰুটি আঁতৰাব পাৰিব বুলি জানিবলৈ দিয়ে।

‘আপোনালোকৰ টীকাকৰণ প্ৰমাণপত্ৰত যদিহে নাম, জন্মৰ বছৰ আৰু লিংগৰ ক্ষেত্ৰত কিবা বিসংগতি আছে এতিয়াৰ পৰা আপোনালোকে নিজেই তাক ঠিক কৰিব পাৰিব। ইয়াত যাওক http://cowin.gov.in’আৰোগ্য সেতুৰ টুইটাৰ হেণ্ডেলত কোৱা হয়।

দেশজোৰা টীকাকৰণ অভিযানৰ অধীনত এই পৰ্য্যন্ত ভাৰতৰ ২৩,৯০,৫৮,৩৬০ গৰাকী লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

লগতে পঢ়ক : ‘অক্সিজেন নাটনিৰ মকড্ৰিল’ৰ ফলত মৃত্যু ২২ গৰাকী ৰোগীৰ; চীল কৰা হ’ল আগ্ৰাৰ হস্পিটেল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply