নিউজ ডেস্কঃ পুনৰ চিকিৎসালয় আৰু চিকিৎসকৰ হেমাহীৰ ঘটনা সংঘটিত হৈছে। দৰাচলতে, গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত ইএছআইচি হাস্পতালত এগৰাকী মহিলাৰ কঁকালৰ অস্ত্ৰোপচাৰ কৰা হয় আৰু এই অস্ত্ৰোপচাৰৰ পাছতে মহিলাগৰাকীৰ সোঁ ভৰি খনৰ চাল ৰঙা হৈ পৰিছে। ৰীণা দেৱী নামৰ মহিলাগৰাকীক যোৱা ৯ মে’ত ভৰ্তি কৰা হৈছিল চিকিৎসালয়খনত।
কিন্তু অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত ৰীণা দেৱীৰ পৰিয়ালে লক্ষ্য কৰে যে- তেওঁৰ সোঁ ভৰিখন ৰঙা হৈ পৰিছে। মহিলাগৰাকীৰ পুত্ৰ কৌশিক গোস্বামীয়ে এই সন্দৰ্ভত কয়- ”আমি অস্ত্ৰোপচাৰৰ পাছত ৫-৬ দিন চিকিৎসক সকলক কি হৈছে সুধিছিলো, কিন্তু তেওঁলোকে জোৰ দি কৈছিল যে এয়া নিয়মীয়া অস্ত্ৰোপচাৰ আছিল।” তেওঁলোক অস্ত্ৰোপচাৰৰ পাছত ৰীণা দেৱীৰ ভৰিখন ইনফেকশ্যনৰ দৰে হোৱা দেখাৰ পাছত অধিক শংকিত হৈছিল।
লগতে কৌশিক গোস্বামী ইষ্টম’জ’ অসমক কয় যে- ”ইয়াত কোনো ধৰণৰ সুবিধা নাই। ষ্ট্ৰেটচাৰ নাই, পৰ্যাপ্ত পৰিমানে জৰুৰীকালীন সা-সুবিধা নাই। এনে হ’লে কিয় কোনো ব্যক্তি ইএছআইচিলৈ আহিব? আমি এখন ব্যক্তিগত হাস্পতালৰ এগৰাকী বিশেষজ্ঞক মাতিবলগীয়া হৈছিল আৰু তেওঁ জনাইছিল যে পৰিস্থিতি কিমান বেয়া হৈ পৰিছে। মোৰ মাতৃৰ বয়স বহুত বেছিও হোৱা নাই, তেওঁৰ অসুস্থ নহয়। অস্ত্ৰোপচাৰৰ বাহিৰে তেওঁ সম্পূৰ্ণ সুস্থ। হয়তো এতিয়া তেওঁ গোটেই জীৱন বিকলাংগৰ দৰে জীৱন যাপন কৰিব লাগিব।”
ৰীণা দেৱীৰ পুত্ৰ কৌশিকে লগতে কয় যে- অস্ত্ৰোপচাৰৰ সময়ত ভুল নাৰ্ভ অৰ্থাৎ স্নায়ু কটা হৈছিল। আৰু তেওঁৰ বিশ্বাস যে অস্ত্ৰোপচাৰৰ সময়ত জ্যেষ্ঠ আৰু অভিজ্ঞ চিকিৎসক সকলে অস্ত্ৰোপচাৰৰ দায়িত্ব নলৈ কোনোবা এজন কনিষ্ঠ চিকিৎসকক ইয়াৰ দায়িত্ব প্ৰদান কৰি গৈছিল। ৰীণা দেৱীৰ পৰিয়ালে অস্ত্ৰোপচাৰ কৰা চিকিৎসক হিচাপে ডাঃ ৰাকেশ যাদৱ আৰু ডাঃ পলাশ বৰাৰ নাম কৈছিল। কিন্তু ইষ্টম’জ’ অসমে এই দুয়োগৰাকী চিকিৎসকৰ সৈতে এই বিষয়ে জানিবলৈ যোগাযোগ কৰিবলৈ চেষ্টা চলাইছিল যদিও সক্ষম হোৱা নাই। পৰিয়ালৰ লোকে লগতে কয় যে- তেওঁলোকে এই বিষয়টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিব, বিশেষকৈ টুইটাৰত আৰু মন্ত্ৰী তথা মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াকো টেগ কৰিব।
এই বাতৰি লিখি থকা সময়লৈকে ৰীণা দেৱীৰ অংগচ্ছেদ কৰাৰ কথা নিশ্চিত কৰা হৈছে। অৱশ্যে, চিকিৎসকসকলে কৈছিল যে সংক্ৰমণৰ পৰিমাণ নিশ্চিত কৰিবলৈ তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন হ’ব। উল্লেখ কৰাৰ প্ৰয়োজন যে, কৰ্মচাৰী ৰাজ্যিক বীমা নিগম হৈছে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ মালিকানাধীন এক বিধিবদ্ধ সংস্থা। ই.এছ.আই.চি আইন ১৯৪৮ৰ নিৰ্ধাৰিত নিয়ম আৰু নিয়মাৱলী অনুসৰি কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে পুঁজি পৰিচালনা কৰে।
১৯৫৮ চনত গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, ধুবুৰী আৰু মাকুমত পাঁচ টা কেন্দ্ৰৰ সৈতে অসমত ইএছআইচি আঁচনি আৰম্ভ কৰা হৈছিল আৰু পাছত ইয়াক অসমৰ আন জিলালৈ সম্প্ৰসাৰিত কৰা হৈছিল। বৰ্তমান ই.এছ.আই.চি.-য়ে ১৫ টা শাখা কাৰ্যালয়, এটা ডি.চি.বি.ও. (ডিচপেনচাৰী তথা শাখা কাৰ্যালয়), ২৭ খন ঔষধালয় আৰু গুৱাহাটীৰ এখন আৰ্হি চিকিৎসালয়ৰ উপৰিও ২৬ জন আই.এম.পি. (বীমাকৃত চিকিৎসক)ৰ জৰিয়তে হিতাধিকাৰীসকলক চিকিৎসা সুবিধা আৰু নগদ লাভালাভ প্ৰদান কৰে।
লক্ষণীয় যে, চলিত বৰ্ষৰে জানুৱাৰী মাহত এজন চিকিৎসকৰ অৱহেলাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটি নৱজাতকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছিল। তাৰ পাছত, জিএমচিএইচ অধীক্ষকৰ কাৰ্যালয়ৰ দ্বাৰা এটা তদন্ত কৰা হৈছিল। ২৭ বছৰীয়া ছালমা বেগম নামৰ এগৰাকী ছালমা বেগমে অভিযোগ কৰিছিল যে- কৰ্তব্যৰত চিকিৎসক আৰু কৰ্মচাৰীৰ অৱহেলাৰ ফলত তেওঁৰ সন্তানৰ মৃত্যু হয়।