মূল্যবৃদ্ধিয়ে কোঙা কৰা জনতাক আকৌ মাধমাৰ দিয়াৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। পেট্ৰ’ল–ডিজেল,ৰন্ধন গেছৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পিছত এইবাৰ দাম বাঢ়িব জীৱনদায়িনী ঔষধৰ।

অহা ১এপ্ৰিলৰ পৰা মুঠ ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি পাব।ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে।দাম বৃদ্ধি পোৱা ঔষধৰ তালিকাত পেৰাচিটামলৰ পৰা আৰম্ভ কৰি হাই ব্লাড প্ৰেছাৰ আৰু চৰ্মৰোগৰ ঔষধো থাকিব ।

একেদৰে এণ্টিবায়টিকৰ দামো বৃদ্ধি তালিকাত আছে।উল্লেখ্য যে,কৰ’নাৰ পিছৰে পৰা ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে ঔষধৰ দাম বৃদ্ধিৰ দাবী কৰি আহিছিল।এইবাৰ সেই দাবী মানি কেন্দ্ৰীয় চৰকাৰে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক সেউজ সংকেত দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply