নিউজ ডেস্ক : সোমবাৰে নিশা অনুষ্ঠিত ইউৰো কাপৰ এখন চৰম ৰোমাঞ্চকৰ এখন মেচত বিশ্ব চেম্পিয়ন ফ্লান্সক পৰাস্ত কৰি আৰু ছুইজাৰলেণ্ডে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
ৰোমানিয়াৰ বুক্ৰেষ্টৰ নেশ্যনেল এৰীনাত অনুষ্ঠিত মেচখনত ছুইজাৰলেণ্ডৰ দলে ফ্ৰান্সক পেনাল্টিত ৫-৪ গ’লত পৰাস্ত কৰে। ১২০ মিনিটৰ খেলখনত দুয়োটা দলে ৩-৩ গ’লৰ দ্ৰ খেলাৰ পিছত পেনাল্টিত ফ্ৰান্স পৰাজিত হ’বলগীয়া হয়।
ইয়াৰ লগে লগেই বিশ্ব চেম্পিয়ন ফ্লান্স ইউৰো কাপৰ পৰা বাহিৰ হ’বলগীয়া হয় আৰু ছুইজাৰলেণ্ডে প্ৰৱেশ কৰে কোৱাটাৰ ফাইনেলত।
লগতে পঢ়ক : ইউৰো কাপ ২০২০ : দলৰ তালিকা, সময়সূচী, ক’ত আৰু কিদৰে উপভোগ কৰিব
অহা ২ জুলাইত ভাৰতীয় সময়ত নিশা ৯.৩০ বজাত ছেইণ্ট পিটাৰ্ছবাৰ্গত ছুইজাৰলেণ্ডে স্পেইনৰ বিৰুদ্ধে ইউৰো কাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব।
ফ্ৰান্স আৰু ছুইজাৰলেণ্ডৰ মাজত কালি অনুষ্ঠিত মেচখনত ইউৰো কাপ ২০২০ৰ এই পৰ্য্যন্ত হোৱা মেচ সমূহৰ ভিতৰত আটাইতকৈ শ্বাসৰুদ্ধকৰ মেচ আছিল।
চাওক কালিৰ মেচখনক লৈ দিয়া কেইটামান টুটাৰ ৰিয়েকশ্যন :