স্বপন নাথ, কাজিৰঙা: ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে বসবাস কৰি থকা লোকক কঠোৰ হাতেৰে প্ৰশাসনে উচ্ছেদ কৰি থকাৰ সময়ত কালি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ঢেকীয়া পতীয়া বাঘ, পহু আদি বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি হোৱাকৈ কাজিৰঙাৰ এনিমেল কৰিডৰত এচাম লোকে নিৰ্মাণ কৰা পৰ্যটন নিবাস, পকী বেৰ আদি প্ৰশাসনে উচ্ছেদ কৰে ।
দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবৈধভাৱে নিৰ্মাণ কৰা পৰ্যটন নিবাস তথা পকী বেৰ প্ৰশাসনে উচ্ছেদ কৰে । গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ এক নিৰ্দেশ মৰ্মে বোকাখাত ৰাজহ চক্ৰৰ অধীনত বন বিভাগে চিহ্নিত কৰা কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত গ্ৰীন আচিয়ানা ৰিজৰ্টৰ গৰাকী কিশোৰ হাজৰিকাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা বৃহৎ পকী বেৰ আৰু চাৰিটা কটেজ বোকাখাত মহকুমা প্ৰশাসনে জে চি বি লগাই ধ্বংস কৰে ।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি গ্ৰীণ আচিয়ানা ৰিজৰ্টৰ গৰাকীয়ে হালধিবাৰী এনিমেল কৰিডৰত কৰা নিৰ্মাণ কাৰ্য ৭ দিনৰ ভিতৰত অতৰাই নিবলৈ গোলাঘাট জিলাৰ উপায়ুক্তই যোৱা ২৯ অক্টোবৰত এক নিৰ্দেশ জাৰি কৰিছিল ।
ইয়াৰ পিছতো গ্ৰীন আচিয়ানা ৰিজৰ্টৰ গৰাকীয়ে কোনো ব্যৱস্থা হাতত নোলোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়া ৰমেশ গগৈ, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া সৌভিক দত্ত, দণ্ডাধীশ মনজিৎ দলে, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা আদিৰ উপস্থিতিত আৰক্ষী, অৰ্ধসামৰিক বাহিনী তথা বন সুৰক্ষা বাহিনীৰ সহযোগত এখন জে চি বি’ৰ দ্বাৰা বৃহৎ দুখন পকী বেৰৰ লগতে চাৰিটা কটেজ উচ্ছেদ কৰি বহু লাখ টকাৰ সম্পত্তি ধ্বংস কৰে ।

উল্লেখ্য যে বোকাখাতৰ যুৱ পৰিবেশ কৰ্মী ৰোহিত চৌধৰীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক গোছৰৰ ভিত্তিত কাজিৰঙা আৰু কাৰ্বি আংলঙত অবাধ গতিত চলাই থকা অবৈধ শিলকে ধৰি সকলো খনন ২০১৯ চনৰ ১২ এপ্ৰিলত বন্ধ কৰিছিল । একেটা নিৰ্দেশনাতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই বোকাখাতৰ পৰা জখলাবন্ধা লৈকে চিহ্নিত কৰা সঘনাই বন্যপ্ৰাণী অহা যোৱা কৰি থকা পানবাৰী, হালধিবাৰী, বাগৰি, হাৰমতি, কাঞ্চনজুৰি, আমগুৰিকে আদি কৰি মুঠ ৯ টা এনিমেল কৰিডৰত থকা ব্যক্তিগত মাটিতো সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ ঘোষণা কৰিছিল ।
অতি পৰিতাপৰ কথা যে দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম ধনবান তথা ৰাজনৈতিক নেতাই বন বিভাগে চিহ্নিত কৰা কাজিৰঙাৰ এনিমেল কৰিডৰত অবাধ গতিত পৰ্যটন নিবাস,ৰেস্তোৰা,সুৰাৰ বিপনিৰ পৰা আৰম্ভ কৰি বহু সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে । যাৰ ফলত বন্যপ্ৰাণীৰ মুক্ত বিচৰণত বাধাৰ সৃষ্টি হৈছে । উল্লেখ্য উচ্চতম ন্যায়ালয়ৰ আইন ভংগ কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত অবাধ গতিত কৰা নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে পৰিবেশ কৰ্মী ৰোহিত চৌধৰীয়ে উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেন্ট্ৰল এমপাৱাৰড কমিটিক অবগত কৰিছিল ।
ইয়াৰ পিছত চেন্ট্ৰল এমপাৱাৰড কমিটিয়ে কাজিৰঙাত উপস্থিত হৈ নিজে স্বৰ জমিন তদন্ত কৰি চাৰি সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙাৰ এনিমেল কৰিডৰত নিৰ্মাণ কৰা সকলো নতুন নিৰ্মাণ কাৰ্য ধ্বংস কৰি প্ৰতিবেদন দাখিল কৰিবলৈ যোৱা ৬ অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ দিছিল কমিটিৰ সদস্য সচিব অমৰনাথ ছেঠিয়ে । কিন্তু চাৰি সপ্তাহ অতিক্ৰম হল যদিও ৰাজ্য চৰকাৰে উচ্ছেদৰ কোনো ব্যৱস্থা হাতত নললে ।

পলমকৈ হ’লেও গোলাঘাট জিলা প্ৰশাসনে কাজিৰঙাৰ হালধিবাৰী এনিমেল কৰিডৰত উচ্ছেদ কৰি অবৈধ নিৰ্মাণ ধ্বংস কৰে যদিও নগাঁও জিলা আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা হাতত নোলোৱাটো অতি দুৰ্ভাগ্যজনক বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়াই জানিবলৈ দিয়া মতে গ্ৰীণ আচিয়ানা ৰিজৰ্টৰ গৰাকীয়ে প্ৰাকৃতিক ভাৱে বৈ থকা এটা নলা পকী বেৰ দি বন্ধ কৰি দিয়াত ২০১৯ চনত এটা বনৰীয়া হাতী আবদ্ধ হৈ পৰিছিল ।
লগতে পঢ়ক- চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
কাজিৰঙাৰ এনিমেল কৰিডৰত এনেধৰণৰ আৰু নিৰ্মাণ কাৰ্য আছে । এইটো উচ্ছেদ কৰাটো প্ৰথম পদক্ষেপ যদিও পৰৱৰ্তী সময়ত আন এনিমেল কৰিডৰত উচ্ছেদ হোৱাটো আশা কৰে বুলিও জানিবলৈ দিয়ে । অন্যহাতে উচ্ছেদ কৰা পকী বেৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পূৰ্বে অৰ্থাৎ ২০১২-১৩ চনতেই নিৰ্মাণ কৰা হৈছিল বুলি গ্ৰীণ আচিয়ানা ৰিজৰ্টৰ গৰাকীয়ে মত প্ৰকাশ কৰে ।