গুৱাহাটী – CAA অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতেও মানিব নোৱাৰে। কা জাপি দি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজ প্ৰতি কেন্দ্ৰীয় চৰকাৰে অন্যায় কৰিছে। – এই মন্তব্য কৰি সকলোৱেই পুনৰ CAA আন্দোলনত নামি পৰিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইতিমধ্যে উত্তৰ-পূৱ ছাত্ৰ সংগঠনৰ উদ্যোগত সমগ্ৰ উত্তৰ-পূবাঞ্চলজুৰি কা বিৰোধী সংগ্ৰাম পুনৰ আৰম্ভ হৈছে । এই সংগ্ৰামৰ প্ৰতি অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব।
তেওঁ আছু, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বৰ লগতে আগন্তুক দিনত প্ৰতিটো ছাত্ৰ সংগঠন, জাতী-জনগোষ্ঠীয় দল-সংগঠন, সহিত্য সভা, খিলঞ্জীয়া সাহিত্য সভা প্ৰত্যেকেই এই আন্দোলনত যোগ দিব লাগে বুলি মন্তব্য কৰে৷ কা বিৰোধী আন্দোলনলৈ সমৰ্থন অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে কয় যে, কা আন্দোলনক আৰক্ষীয়ে সম্পূৰ্ণৰূপে বাধা দিছে। চৰকাৰে গণতান্ত্ৰিক আন্দোলনলৈ ভয় কৰে, সেই বাবে আৰক্ষী মোতায়েন কৰি আন্দোলন বন্ধ কৰিবলৈ উঠিপৰি লাগিছে ।
চৰকাৰে এই আন্দোলন বাধা দিবৰ বাবে সকলো ধৰণৰ কূট-কৌশলৰ প্ৰচেষ্টা ৰাখিছে । অসমৰ প্ৰতি কৰা অন্যায় আৰু অসমৰ ৰাইজৰ সংগ্ৰামী চেতনা আৰু আবেগক কেতিয়াও কোনো কাৰণতে বাধ দি ৰাখিব নোৱাৰে চৰকাৰে । এই আন্দোলনত যদি সকলো জপিয়াই নপৰে আগন্তুক দিনত অসমৰ ভৱিষ্যত অতি ভয়ংকৰ হৈ পৰিব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ।