দক্ষিণ শালমাৰা : বিগত প্ৰায় দুবছৰ পূৰ্বে জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীৰ মাতিনেৰ চৰত চৰকাৰী ভূমি বেদখল কৰা দুই শতাধিক পৰিয়ালক উচ্ছেদ কৰি চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰস্তুতি হাতত লোৱা হৈছিল। ব্ৰহ্মপুত্ৰ নদীৰ কবলত পৰি মাটি-ভেটি হেৰুওৱা জিলাখনৰ কেইবাটাও স্থানৰ পৰা আহি চৰকাৰী ভূমিত বহু পৰিয়ালে আশ্ৰয় লৈছিল এই মাতিনেৰ চৰ গাঁৱত। কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা মাতিনেৰ চৰত জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়কে ধৰি কেবাটাও চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰস্তুতি হাতত লৈ উক্ত পৰিয়াল কেইটাক উচ্ছেদ কৰি চৰকাৰী ভূমি বেদখল মুক্ত কৰে।

ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা ভূমিহীন এই সকল লোকক ইতিমধ্যে পুনৰ সংস্থাপনৰ বাবে জিলাখনৰ আন এটা স্থানত ভূমি আবন্টন দিছে। কিন্তু ইয়াৰে একাংশ জনে ইতিমধ্যে নতুনকৈ আবন্টন হোৱা ভূমিত ঘৰ দুৱাৰ সাজি আশ্ৰয় লৈছে যদিও আন একাংশ লোকে এতিয়াও চৰকাৰীভাৱে আবন্টন দিয়া ভূমি জিলা প্ৰশাসনৰ পৰা বুজাই নোপোৱাত প্ৰায় শতাধিক পৰিয়াল হাঁহাকাৰত ভুগি আছে।

ইয়াৰ মাজতে মঙলবাৰে পুনৰ জিলা প্ৰশাসনৰ উদ্ধোগত গাঁওখনত চৰকাৰী কাৰ্যালয় নিৰ্মাণৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰে। কিন্তু গাঁওখনত আশ্ৰয় লৈ থকা শতাধিক পৰিয়াল জিলা প্ৰশাসনৰ এই উচ্ছেদক বাধা প্ৰদান কৰাৰ লগতে আবন্টন দিয়া মাটি চমজাই দি উচ্ছেদ কৰিবলৈ প্ৰতিবাদ আৰম্ভ কৰে। শতাধিক পুৰুষ-মহিলাই পথ অৱৰোধ কৰি এই উচ্ছেদ নকৰিবলৈ কাতৰ অনুৰোধ জনায়। কিন্তু জিলা প্ৰশাসনে পথ অৱৰোধ কৰি থকা প্ৰতিবাদকাৰী সকলক চোচৰাই খেদি পঠিয়াই।

এটা সময়ত পৰিস্থিতি উত্তাল হোৱাৰ উপক্ৰম হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে। ইফালে বেদখলকাৰী পৰিয়াল কেইটাই জনোৱা দাবীৰ প্ৰতি সঁহাৰি জনায় জিলা প্ৰশাসনে তিনি দিনৰ বাবে উচ্ছেদ অভিযান স্থগিত কৰে। অহা তিনি দিনৰ ভিতৰত পৰিয়াল কেইটা এই স্থানৰ পৰা ঘৰ দুৱাৰ ভাঙি আঁতৰাই নিনিলে তিনি দিন পিছত পুনৰ উচ্ছেদ অভিযান চলিব বুলি এছ ডি ও সদৰ জয়ন্ত সৰকাৰ সাংবাদিকৰ আগত মন্তব্য কৰে।

মন কৰিবলগীয়া বিষয় এয়া যে জিলা প্ৰশাসন উচ্ছেদ অভিযান স্থগিত কৰি ঘটনাস্থলীৰ পৰা আঁতৰি যোৱাৰ পিছত একাংশ পৰিয়ালে অভিযোগ কৰে যে নদীৰ গৰাখহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাই তেওঁলোক ইয়াত বিগত প্ৰায় ২০-২২ বছৰ ধৰি আশ্ৰয় লৈ আছিল। চৰকাৰী কাৰ্যালয় হোৱাৰ বাবে জিলা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰিলে তেওঁলোক নিজে এই স্থানৰ পৰা আঁতৰি যাব। কিন্তু চৰকাৰী কাৰ্যালয়ৰ নামত ইয়াত যদি ধনী লোকক লাখ লাখ টকাৰ বিনিময়ত ভূমি আবন্টন দিয়া হয় তেন্তে এই সকল লোক ইয়াৰ পৰা আঁতৰি নাযায় বুলি মত প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply