নতুন ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা অবৈধ ভাবে বেদখল কৰি অহা ভুমিৰ পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছে | জামুগুৰিহাটত প্ৰথম অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা চৰকাৰৰ এই অভিযানৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে বিৰোধী কংগ্ৰেছ আৰু এআই ইউডিএফ দলৰ নেতা ।
বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰকাশ কৰা প্ৰতিক্ৰিয়া মতে, “প্ৰতিটো উচ্ছেদ অভিযানে নতুন বেদখলৰ বাট মুকলি কৰে। চৰকাৰী মাটি বা বনাঞ্চল বেদখল কৰি থকা বেছি ভাগেই ভূমিহীন আৰু দুখীয়া। বিকপ্ল সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ যিকোনো উচ্ছেদ অভিযানৰ মই তীব্ৰ বিৰোধী।
কোভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ১০ মে তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক পূৰ্ণকালীন বিচাৰপিঠে সাময়িকভাৱে সকলো ধৰণৰ উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ কৈছে । কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক অমান্য কৰি চতিয়াৰ জামুগুৰিহাটৰ পিছত আজি আকৌ হোজাইৰ কাকী অঞ্চলত যি আমানৱীয় উচ্ছেদ কাৰ্যসূচী গ্ৰহণ কৰিলে তাক তীব্র ভাষাৰে গৰিহণা দিছো আৰু চৰকাৰৰ ওচৰত উচ্ছেদিত লোকসকলৰ উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বাবে দাবী জনাইছো।”
ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে প্ৰকাশ কৰা মতে, কোৰোনাৰ এই সংকটকালত জামুগুৰিহাটৰ ওচৰৰ চৰ চাপৰিত চলোৱা উচ্ছেদ অভিযান সম্পর্কে আমি এ-আই-ইউ-ডি-এফ বিধায়িনী দলৰ হৈ কিছুদিন পুৰ্বে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিলোঁ।
কোৰোনাৰ ভয়াবহতাৰ মাজত উচ্ছেদ অভিযান চলোৱাটো উচিৎ নহয় বুলি স্বয়ং মূখ্যমন্ত্রী মহোদয়ে প্ৰকাশ কৰিছিল আৰু সম্প্ৰতি উচ্ছেদ অভিযান বন্ধ ৰখা হ’ব বুলি আমাক প্ৰতিশ্ৰুতি দিছিল। কাৰণ যিটো সময়ত সামাজিক দূৰত্ব বৰ্তাই ৰাখি ক’ভিদ প্ৰটোকল মানি সকলোকে ঘৰত থাকিবলৈ বাৰে বাৰে কোৱা হৈছে তেনে পৰিস্থিতিত একাংশ লোকক ঘৰ- দোৱাৰ ভাঙি ৰাজপথত অনাই বনাই ফুৰিবলৈ বাধ্য কৰাটো প্ৰকাৰন্তৰে লোকসকলক মৃত্যুৰ মূখলৈ ঠেলি দিয়াৰ দৰে বুজায়।
কিন্তু অতি শেহতীয়াকৈ পাথাৰকান্দিত পুনৰ উচ্ছেদ অভিযান চলাই বহু লোকক গৃহহীন কৰাৰ দৰে এটা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিল। সমান্তৰাল ভাবে দৰং জিলাৰ ফুহুৰাতলিত আৰু ৰাজ্যৰ অন্যান্য কিছু এলেকাত মথাউৰি আৰু পৰিত্যক্ত একচনীয়া মাটিত আশ্ৰয় লৈ থকা গৰাখহনীয়া আক্রান্ত লোকসকলক প্ৰশাসনে অতি সোনকালে সেই স্থান ত্যাগ কৰিবলৈ হুকুম দিয়া অন্যথা উচ্ছেদ অভিযান চলোৱা হ’ব বুলি ভাবুকি দিয়াৰ খবৰ পোৱা গৈছে।
যেতিয়া কোৰোনাৰ কবলত পৰি প্ৰতি সপ্তাহত শ শ লোকৰ মৃত্যু হৈছে তেনে সময়ত এই ভূমিহীন, গৃহহীন লোক সকলক উচ্ছেদৰ জাননী দিয়াটো চৰম অমানবীয় আৰু হঠকাৰী সিদ্ধান্ত। এই লোকসকলক সংস্থাপিত কৰাটো চৰকাৰৰ দায়িত্ব। তাকে নকৰি উচ্ছেদৰ জাননীৰে চৰম সংকট তথা মৃত্যুৰ মূখলৈ ঠেলি দিয়াটো কেতিয়াও সমৰ্থন যোগ্য হ’ব নোৱাৰে।”
লগতে পঢ়ক আন্তৰাষ্ট্ৰীয় মঞ্চত প্ৰথমবাৰৰ বাবে উজ্বলিল তৃতীয়লিংগ ভাৰতীয় সুন্দৰী