নগাঁও : এইবাৰ লাওঁখোৱা অভয়াৰণ্যত চলিল উচ্ছেদ অভিযান। গৰাজান বনাঞ্চলিক বিষয়া অৰূপ কলিতাৰ নেতৃত্বত লাওঁখোৱা অভয়াৰণ্যত দুদিনীয়াকৈ চলিল এই উচ্ছেদ অভিযান৷ লাওঁখোৱা অভয়াৰণ্যত অবৈধভাৱে গঢ়লৈ উটা ২৬ টাকৈ গৰু আৰু ম’হৰ খুটি উচ্ছেদ কৰে বন বিভাগে৷

অভয়াৰণ্যখনত অবৈধভাৱে পুখুৰী খান্দি মস্য পালন কৰা ৬ টাকৈ পুখুৰীৰ পাৰো ভাঙি পেলায় উচ্ছেদকাৰী দলটোৱে। বন বিভাগৰ উচ্ছেদকাৰী দলটোৱে হাতী আৰু জে চি বিলৈ অভয়াৰণ্যখনৰ ভিতৰত উচ্ছেদ অভিযান চলায়।

লগতে পঢ়ক : আফ্স্পাৰ বাতিলৰ দাবীত টাইপাৰ প্ৰতিবাদ

লাওঁখোৱা অভয়াৰণ্যৰ নলকটা , মৈচালপুৰ আৰু কঠালগুৰি বন শিবিৰৰ ভিতৰত উচ্ছেদ অভিযান চলায় বন বিভাগে। উল্লেখ্য যে একাংশ লোকে লাওঁখোৱা অভয়াৰণ্যৰ ভিতৰত অবৈধভাৱে গৰু আৰু ম’হৰ খুটি স্থাপন কৰাৰ লগতে অভয়াৰণ্যখনৰ ভিতৰত পুখুৰী খান্দি মৎস্য পালন কৰি আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply