নিউজ ডেস্ক: ছিপাঝাৰৰ ঢলপুৰ অঞ্চলত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ নামত তিনি গৰাকীকৈ ব্যক্তিক গুলিয়াই হত্যা কৰা আৰক্ষীৰ বৰ্বৰ কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ জনাই দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা , কাৰ্য্যকৰী সভাপতিত্ৰয় ক্ৰমে ৰাণা গোস্বামী , কমলক্ষ দে’ পুৰকায়স্থ , জাকিৰ হুছেইন শিকদাৰ , বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন , ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা , সাংসদ আব্দুল খালেক , বিধায়ক নুৰুল হুদা , বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে কংগ্ৰেছ দলৰ বহুতো জ্যেষ্ঠ নেতা আৰু কৰ্মীসকল৷দলটোৱে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে য’ত উপায়ুক্ত আৰক্ষী অধীক্ষকৰ ওপৰত ব্যবস্থা লোৱাৰ কথাও আছে ।
বৃহস্পতিবাৰে দৰং জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ যোৱাৰ পিচত সংঘটিত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া।
শুক্ৰবাৰে১২ ঘণ্টীয়া দৰং জিলা বন্ধ ঘোষণা কেইবাটাও সংগঠনৰ। আমছুৰ দৰং জিলা সমিতি, সংগ্ৰাম পৰিষদ, জমিয়ত উলেমা হিন্দ, ইত্তেহাদ ফ্ৰণ্ট, নেমছু, মুছাৰ আদি দল, সংগঠনে আহ্বান কৰিছে এই বন্ধ।
বৃহস্পতিবাৰে গৰুখুটিত আৰক্ষীৰে দখলকাৰীৰ মাজত হোৱা সংঘাতত আহত হৈছিল ৯ জনকৈ আৰক্ষীৰ লোকৰ লগতে কেইবাজনো দখলকাৰী। আৰক্ষীৰ গুলীত প্ৰাণ গৈছে তিনিজন দখলকাৰীৰ।
লগতে পঢ়ক-কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী। চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ। মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কাৰণ নাই।
উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন। এইসকলৰ ভিতৰত আছে এগৰাকী ১৩ বছৰীয়া কিশোৰো। এইসকল চিকিৎসাধীন লোকৰ ভিতৰত দুগৰাকী বুলেটট আঘাতপ্রাপ্ত। চিকিৎসাধীন ৰেজা খাতুনৰ পেটত বুলেট সোমাইছিল।অৱশ্যে বৰ্তমান তেওঁৰো চিন্তাৰ কোনো কাৰণ নাই। অস্ত্রোপচাৰৰ এতিয়াই প্রয়োজন নাই।
এই মন্তব্য জি এম চি এইছৰ অধীক্ষক অভিজিত শৰ্মাৰ।