নিউজ ডেস্ক : যোৱা ২৪ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত ছিপাঝাৰৰ ৫০ টাতকৈ অধিক সংখ্যালঘু মুছলমান পৰিয়ালে নৈ পাৰ হ’বলৈ গৰুখুটিৰ ধলপুৰ চৰৰ ঘাটত নিজৰ নিজৰ টালি-টোপোলা লৈ নাৱত উঠা আৰম্ভ কৰিছে। এই লোকসকলৰ বেছিভাগেই হৈছে চৰত থকা ৩ নম্বৰ ধলপুৰ গাঁৱৰ বাসিন্দা। যোৱা ২০ আৰু ২৩ ছেপ্টেম্বৰত এই লোকসকলৰ ঘৰ বিলাকত দৰং জিলা প্ৰশাসনে অসম চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্ছেদ অভিযান চলাইছিল।
নাৱত উঠা এই লোকসকলৰ মাজত ৫০ বছৰ পাৰ কৰা ছাহাৰাণ বাণু নামৰ এগৰাকী মহিলায়ো আছে, কিন্তু নাৱে ঘাট এৰাৰ আগে্ আগে তেওঁ নিজৰ ৩ বছৰীয়া নাতিয়েকক দেখা দেখা পোৱাৰ আশাত বিশাল বালি চৰৰ যিমান পাৰি সিমান দূৰলৈকে চকু থৰ কৰি চাই ৰৈছে। ‘প্ৰথমে সিহঁতে মোৰ নাতিক গুলী মাৰিছিল… তাৰ ভৰিত গুলী লাগিছিল। গুলী খাই সি পৰি যোৱাৰ পিছত সিহঁতে তাক অন্য বস্তুবিলাকৰ সৈতে জ্বলাই পুতি পেলায়,’ বাণুয়ে কয়। বাণুৰ দাবী কিমান দূৰ সঁচা তাক সঠিককৈ ক’ব পৰা নাযায় যদিও বাণুৰ সৈতে নাৱত থকা আন লোকসকলেও তেওঁৰ নাতিয়েকৰ মৃতদেহ প্ৰশাসনে চলোৱা উচ্ছেদস্থলীৰ কোনোবা গাঁতত পৰি থকা বুলি সন্দেহ কৰে।
উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰ (২৩ ছেপ্টেম্বূৰ)ৰ পৰা বাণুৰ ৩ বছৰীয়া নাতিয়েক নিখোজ হৈ আছে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ গুলীচালনাত চৰকাৰী হিচাপ মতে ৩ জনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে বহুকেইজন লোক সন্ধানহীন হৈ আছে যদিও প্ৰকৃততে কিমানজন লোকে প্ৰাণ হেৰুৱাছে আৰু কিমানজন লোক নিখোজ হৈ আছে সেই কথা নিশ্চিতভাৱে ক’ব পৰা নাযায়।
উচ্ছেদস্থলীত প্ৰশাসনে উঘালি পেলোৱা বাঁহ গছৰ দমৰ মাজত তথা উচ্ছেদ চলাওতে খন্দা গাঁত বিলাকত বিভিন্নজনে নিখোজ হৈ থকা তেওঁলোকৰ আপোনজনক বিচাৰি ফুৰিছে। ‘পঞ্চায়তৰ ওচৰত যোৱা বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ থকাসকলৰ এখন তালিকা আছে। তেওঁলোকে নিশ্চয় গাঁও এৰি যোৱা নাই। আমি তেওঁলোকক বিচাৰ-খোঁচাৰ কৰি আছো,’ স্থানীয় লোকে কয়।
কি কাৰণত হাতত লাঠী লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ আহিছিল মইনুল হকে?

উচ্ছেদস্থলীৰ পৰা প্ৰায় ২০০ মিটাৰ আঁতৰত এটা টিঙৰ ঘৰৰ বাৰাণ্ডাত হাছনা বাণু নামৰ এগৰাকী ১৪ বছৰীয়া ছোৱালী বহি আছিল। দুপাট্টা এখনেৰে এখন হাত বান্ধি ৰখা হাছনাৰ মুখত নাছিল কোনো অভিব্যক্তি, এখন ভাবলেশহীন মুখ লৈ বহি থকা হাছনাই বৃহস্পতিবাৰে আৱেলি বাকী মানুহৰ সৈতে ৩ নম্বৰ ধলপুৰ গাঁৱত কি হৈছিল চাবলৈ যাব উলাইছিল। কিন্তু সেই সময়তে আৰক্ষী বাহিনীয়ে উচ্ছেদ চলোৱাৰ নামত তাইৰ আত্মীয় মানুহৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱা দেখি একপ্ৰকাৰ জঠৰ হৈ পৰা হাছনাৰ হাতত আৰক্ষীৰ লাঠীৰ কোব পৰাতহে তাই সম্বিৎ ঘূৰাই পাই তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল যদিও অচেতন হৈ পৰি যোৱাৰ ফলত হাতৰ ফ্ৰেকচাৰ হয়।
‘আৰক্ষীয়ে ছোৱালীজনিক প্ৰহাৰ কৰা মইনুলে দেখা পাইছিল। ঘৰতো ভাঙি পেলোৱাৰ বাবে যথেষ্ট খঙত থকা মইনুলে হাতত এডাল লাঠী লৈ আৰক্ষীক খেদি গৈছিল,’ হাছনাৰ এগৰাকী সম্পৰ্কীয় ভাতৃ নূৰ হুছেইনে কয়। ইয়াৰ পিছৰ দৃশ্যখিনি ইতিমধ্যে বিভিন্ন মাধ্যমত বহুলভাৱে প্ৰচাৰ হৈছে।
এই সংবাদাতাই লগ পোৱাৰ সময়ত মইনুলৰ তিনিটাকৈ সন্তান, তেওঁৰ মাতৃ, দুগৰাকী ভগ্নী আৰু পত্নীয়ে এখন টিঙৰ চালিৰ তলত আশ্ৰয় লৈ আছিল। ‘প্ৰথমে সিহঁতে ঘৰটো ভাঙে আৰু তাৰ পিছত মোৰ ল’ৰাটোক হত্যা কৰে। সিহঁতে তাক গুলী মাৰে, তাৰ পিছত তাক লথিয়াই চোঁচোৰাই লৈ যায়। দয়া কৰি তাক ঘূৰাই আনক!’ শোকত ভাগি পৰা মইনুলৰ মাকে কয়। দুৰ্ভগীয়া পৰিয়ালটোৰ মইনুলে আছিল উপাৰ্জনৰ একমাত্ৰ সম্বল।
লগতে পঢ়ক : বিশ্ব পৰ্যটন দিৱস; প্ৰতিজন পৰ্যটকে ভ্ৰমণ কৰিবলগীয়া উত্তৰ-পূবৰ কেইখনমান বিশেষ গাঁও
খেতি-পথাৰৰ মৰিশালিৰ ওপৰত গঢ়া হ’ব কৃষি প্ৰকল্প

বৰ্তমান ধলপুৰক দেখাত এখন পৰিত্যক্ত যুদ্ধভূমি যেন লাগে বুলি কলেও বেছি কোৱা নহ’ব। ক’ৰবাত যদি এখন মটৰ চাইকেল জ্বলি ছাই হৈ পথাৰৰ সোঁমাজত পৰি আছে, আন ক’ৰবাত জ্বলা গোম ধানৰ দ’ম পৰি আছে।
‘ইয়াৰ মানুহ বিলাকে খেতি কৰা শাক-পাচলি ছিপাঝাৰ, গুৱাহাটীকে ধৰি দৰঙৰ বিভিন্ন বজাৰলৈ যোগান ধৰা হয়। অসম চৰকাৰে প্ৰস্তাৱিত প্ৰকল্পৰ জৰিয়তে যিবিলাক শস্য উৎপাদন কৰিব সেই সকলোবিলাক ইয়াৰ খেতিয়কসকলে উৎপাদন কৰে। এবিঘা মাটিতে তেওঁলোকে বিভিন্ন শস্য আৰু শাক-পাচলিৰ খেতি কৰে,’ নূৰ হুছেইনে কয়।
চলিত বৰ্ষৰ জুলাই মাহত অসম চৰকাৰে বাজেটত গৰুখুটি কৃষি প্ৰকল্পৰ বাবে ৯.৬০ কোটি টকা ধাৰ্য্য কৰিছিল। চৰকাৰৰ মতে উক্ত প্ৰকল্পৰ উদ্দেশ্য হৈছে অঞ্চলটোক বেদখল মুক্ত কৰি তাত ‘খিলঞ্জীয়া যুৱকৰ’ দ্বাৰা কৃষিকাৰ্য্য চলোৱা।
মাটিৰ বাবে যুগ যুগ ধৰি চলি অহা এখন যুঁজ

ব্ৰহ্মপুত্ৰৰ পৰা ৩ নম্বৰ ধলপুৰ গাঁৱত থকা হাছনা বাণুৰ ঘৰলৈ মাত্ৰ আধা কিঃমিঃ বাট। প্ৰতি বছৰে ব্ৰহ্মপুত্ৰখন ন-নদী গাঁৱৰ ওচৰ চাপি আহিছে। অঞ্চলটোৰ বহু ঘৰ-দুৱাৰ, বিদ্যালয়, মছজিদ আদিৰ লগতে গণেশবালি, ঔপৰিয়া, কিৰাকাৰা, ম’হমাৰি, চাউলখোৱা আদি বিভিন্ন গাঁও ইতিমধ্য গৰাখহনীয়াত জাহ গৈছে।
‘এটা চৰত আমি চাৰিৰ পৰা পাঁচ বছৰলৈকে থাকিব পাৰো, তাৰ পিছত ই নৈত জাহ যায়,’ হুছেইনে কয়। তেওঁ লগতে কয়, ‘এঠাইৰ পৰা আন ঠাইলৈ খেদা খাই থকা আমি বিলাকে নৈৰ পাৰতে জীৱনটো পাৰ কৰি আহিছো, কিন্তু আৰু কিমান দিনলৈ এনেদৰে চলি থাকিব?’
গাঁওবাসীসকলৰ মতে বৃহস্পতিবাৰৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে হোৱা নাছিল বৰঞ্চ চৰকাৰে মাটি খালি কৰিবলৈ ২৪ ঘণ্টাতকৈ কম সময় দিয়াৰ বিৰুদ্ধেহে প্ৰতিবাদ কৰা হৈছিল।
উল্লেখযোগ্য যে ৯০ দশকৰ আৰম্ভণিতে ধলপুৰত থকা প্ৰায় ২০০ টা পৰিয়ালক চৰকাৰে মাটি পট্টা জাৰি কৰিছিল, কিন্তু ১৯৯৪ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। এই আটাইবিলাক পৰিয়াল গোৱালপাৰা আৰু বৰপেটা জিলাৰ বান আৰু গৰাখহনীয়াৰ ফলত ঘৰ-মাটি হেৰোৱা পৰিয়াল।
২০১৩ চনৰ এক আৰ টি আই ৰিপৰ্ট অনুসৰি ধলপুৰ অঞ্চলৰ প্ৰায় ৭৭,০০০ বিঘা চৰকাৰী মাটিত বেদখল চলি আহিছিল। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই বেদখলকাৰীৰ কবলৰ পৰা উক্ত মাটিখিনি মুকলি নকৰাৰ অভিযোগ তুলি অসম চৰকাৰৰ বিৰুদ্ধে ২০১৭ চনত এক গোচৰ ৰুজু কৰিছিল।
ইংৰাজীত পঢ়ক : Eviction, identity and shifting sands: A ground report from Sipajhar, Assam