ৰূপহীহাট : গৰুখুটিৰ উচ্ছেদৰ পিছত পুনৰ প্ৰশাসনে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত চৰ চাপৰিত উচ্ছেদ অভিযান চলোৱাৰ লগতে চৰ সমূহত বাস কৰা লোকসকলক দখলিকৃত ভূমি এৰি যাবলৈ সময় সীমা বান্ধি দিয়াত এতিয়া আতংকিত হৈছে ৰাইজ। জুৰীয়াৰ সমীপৱৰ্তী শোনিতপুৰ জিলাৰ অন্তৰ্গত চৰ চাপৰিৰ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

জুৰীয়া, ধিংৰ সমীপৰ নগাঁও, শোনিতপুৰ আৰু দৰং জিলাৰ মাজৰ ব্ৰহ্মপুত্ৰৰ চৰ চাপৰিত প্ৰায় ৩০-৪০ বছৰ ধৰি চৰকাৰী ভুমি বেদখল কৰি বসবাস কৰা এই চৰ চাপৰিত আছে কুৰিখনতকৈও অধিক চৰকাৰী বিদ্যালয়, অংগনবাদী কেন্দ্ৰ, এখন চৰকাৰী চিকিৎসালয়, প্ৰায় ঘৰে ঘৰে আছে বিজুলীৰ সুবিধা, শৌচালয় চৰকাৰী ৰেচনৰ সুবিধা।

ইয়াৰ পিছতো এই সকল লোকক যদি উচ্ছেদেই কৰে তেন্তে কিয় দিছিল এই চৰকাৰী সুবিধা সমূহ, এই প্ৰশ্ন স্থানীয় ৰাইজৰ। প্ৰশাসনে ১৫ দিনৰ ভিতৰত চৰ চাপৰি খালি কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰাঞ্চল সমূহত যি সকল লোকে ঘৰ, বস্তি সাজি খেতি বাতি কৰি চৰকাৰী ভূমি বেদখল কৰি আছিল সকলোকে পোন্ধৰ দিনৰ ভিতৰত ভূমি বেদখলমুক্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ঢেকীয়াজুলীৰ চক্ৰ বিষয়াই।

লগতে পঢ়ক : গুৱাহাটীৰ চুপাৰ মাৰ্কেটত নতুন উৰণীয়া সেঁতুৰ মুকলি

নিৰ্দেশ পোৱাৰ পিছতেই চৰাঞ্চল সমূহত বসবাস কৰি থকা লোকসকলৰ মাজত হাহাকাৰ।ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এই সকল লোকৰ আহ্বান চৰৰ মাটি উচ্ছেদ কৰক কিন্তু আমাক জীয়াই থাকিবলৈ অন্য স্থানত সংস্থাপনৰ ব্যৱস্থা কৰক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply