ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা কংগ্ৰেছ দলৰ প্ৰবীণ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি ঘটে।
দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ অন্তত আজি সন্ধ্যা গুৱাহাটীৰ দিছপুৰ হাস্পতালত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।
১৯৩১চনৰ ১০ ডিচেম্বৰত নলবাৰীৰ বেলসৰত জন্ম গ্ৰহণ কৰা ৰাজ্যৰ ৰাজনীতিৰ এইগৰাকী প্ৰবীণ আৰু অভিজ্ঞ ৰাজনীতিবিদে ৭ বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।
১৯৫১ চনত টিহু হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৬৭চনত প্রথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হোৱা বৰ্মনে ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’ লৈকে অসমৰ মুখ্য মন্ত্ৰী পদত আছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত বৰ্মন স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব আছিল। প্ৰবীন ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত গৃহ চহৰ নলবাৰীত শোকৰ ছাঁ পৰিছে।