বিজেপিত যোগদানৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ সময়ত

মৰিয়নি : মৰিয়নি সমষ্টিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষৰ দেহাৱসান l
বহুবোৰ জটিল ৰোগত আক্ৰান্ত ঘোষক যোৱা নিশা শিলিগুৰিৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল l দুয়োটা বৃক্ক বিকল হোৱাৰ বাবেই প্ৰাক্তন বিধায়কগৰাকীয়ে আজি বিয়লি ৫-২০ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২বছৰ। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত মৰিয়নিবাসী শোকস্তব্ধ হৈ পৰিছে। প্ৰাক্তন বিধায়কগৰাকীয়ে যোৱা বিধানসভাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও তেওঁৰ মনোনয়ন পত্ৰ নাকচ হৈছিল আৰু তাৰপাছতে তেওঁ হাস্পাতালত ভৰ্তি হ’বলগীয়া হৈছিল। শেষত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰত অংশ লৈছিল |

অলক কুমাৰ ঘোষে ২০০৪ চনত উপ নিৰ্বাচনত জয়লাভ দুবছৰৰ বাবে বিধায়ক হৈছিল। ব্যৱসায়ী হিচাপে ঘোষে মৰিয়নিৰ ৰেল’ৱে অঞ্চলত এখন ‘নমো কেন্টিন’ চলাইছিল। দিন হাজিৰা কৰা লোকসকলে ৮টকাত এসাজ ভাত আৰু ভিখাৰীৰ বাবে বিনামূলীয়াকৈ আহাৰ যোগান ধৰিছিল।

লগতে পঢ়ক বৰ্তমানৰ বি এড ডিগ্ৰীৰ গুৰুত্ব নাইকীয়া কৰিব নতুন শিক্ষানীতিয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply