আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ এগৰাকী অন্যতম ৰাজনীতিবিদ তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী। ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই এইজনা মহান ৰাজনীতিবিদে ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও আয়োজন কৰা হৈছে।
আনহাতে তৰুণ গগৈৰ মৃত্যু বাৰ্ষিকীৰ দিনটোত তেওঁক স্মৰণ কৰিছে পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে। এক ছচিয়েল মিডিয়াৰ পোষ্ট যোগে তেওঁ কয়,
”অশান্তজৰ্জৰ তথা অনগ্ৰসৰ আৰু কেইবাটাও মৌলিক সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বলৈ পোন্ধৰ বছৰীয়া কাৰ্যকালত পৰ্যায় ক্ৰমে প্ৰায় প্ৰতিটো সমস্যা সমাধান কৰি শান্তিৰ আৰু প্ৰগতিৰ অসম গঢ়োতা, জাতি ধৰ্ম,ভাষা নিৰ্বিশেষে সৰ্বসাধাৰণ জনতাৰ হিয়াৰ আমঠু হ’বলৈ সক্ষম হোৱা আধুনিক অসমৰ কাণ্ডাৰী মৰণোত্তৰভাৱে ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মোৰ পিতৃ তৰুণগগৈ দেৱে আমাক সকলোকে কন্দুৱাই পৰলোকলৈ গমন কৰা আজি এবছৰ হ’ল । সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰীৰূপে বিবেচিত জননেতা গৰাকীৰ প্ৰথমবাৰ্ষিক মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি যাচিছো । তেখেতে পৰলোকৰ পৰা দেশবাসী তথা অসমবাসীৰহকে কৰ্ম কৰি যাবলৈ আমাক আৰ্শীবাদ প্ৰদান কৰক, তেখেতৰ আশীষ অনুৰাগী সকলৰ ওপৰত সদায় থাকক তাৰেই কামনা কৰিলো।”
তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকীত ৰাজ্যিক কংগ্ৰছৰ সভাপতি ভুপেন বৰাকে ধৰি বহু গৰাকী য়ে স্মৰণ কৰিছে।
শাসকীয় দলৰো বহুজনে স্মৰণ কৰিছে প্ৰাক্তণ মুখ্যমন্ত্ৰী গৰাকীক ।কৃষি মন্ত্ৰী অতুল বৰাই লিখিছে “জনতাৰ সেৱাৰ বাবে জীৱনৰ সুদীৰ্ঘ কাল উৎসৰ্গিত কৰা জননেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াক তেখেতৰ প্ৰথম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সুৱৰিছোঁ আৰু তেখেতলৈ মোৰ প্ৰণিপাত জনাইছোঁ।”
লগতে পঢ়ক- কোনে হত্যা কৰিলে লখিমী নগৰত মিলন চেত্ৰীক,তদন্ত অব্যাহত