তৰুণ গগৈৰ মৃত্যু হোৱাৰ পিছৰে পৰা অসম প্ৰদেশ কংগ্ৰেছত চূড়ান্ত বিশৃংখলতা বৃদ্ধি পাইছে। এই বিস্ফোৰক অভিযোগ তুলিছে দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তণ মন্ত্ৰী নীলমণি সেন ডেকাৰ।
ডেকাই লগতে কয়, “ৰিপুণ বৰাৰ দিনত কংগ্ৰেছৰ পুঁজিৰ ৫০ লাখ টকা হৰলুকী হৈছে। বৰ্তমান তদন্ত চলি আছে হৰলুকী ধনৰ।”
প্ৰাক্তণ মন্ত্ৰী নিলমণি সেন ডেকাই তোলা অভিযোগ মতে যোৱা বিধানসভা নিৰ্বাচনত ৩০ গৰাকী প্ৰাৰ্থীৰ পৰা টিকটৰ বিনিময়ত টকা লৈছিল । জিতেন্দ্ৰ সিং,পৃথিৱীৰাজ সাথে আদি অসমলৈ টকা নিবলৈ অহা একোজন দালাল।
কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিবলৈ বিভিন্ন পৰ্যায়ৰ নেতাক ধন নিদিলে টিকট পোৱাতো সম্ভব নহয় বুলিও কয় ডেকাই। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ পৰাও ধন লৈহে টিকট দিয়া পৰম্পৰা আৰম্ভ হৈছে কংগ্ৰেছ দলত।
ভুপেন বৰাই দলৰ দায়িত্ব লোৱাৰ পিছতেই দলৰ পুঁজি খেলিমেলিৰ তথ্য পোহৰলৈ অহাৰ বাবেই এতিয়া তদন্ত চলি আছে বুলি ডেকাই লগতে উল্লেখ কৰে। দলৰ ভিতৰৰ পৰা দুৰ্নীতি ৰোধ কৰিব লাগিব তেতিয়াহে দলটোৱে ৰাইজৰ মাজলৈ উভতিব পাৰিব বুলি নীলমণি সেন ডেকাই লগতে কয়।