চিৰাংঃ বিজনীৰ প্ৰাক্তন বিধায়ক কমলসিং নাৰ্জাৰীৰ ইউপিপিএলত যোগদান। শুকুৰবাৰে চিৰাং জিলাৰ বিজনীৰ দক্ষিণ গাৰগাঁৱত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ উপস্থিতিত বিপিএফ ত্যাগ কৰি আনুষ্ঠানিকভাৱে ইউপিপিএলৰ দলত যোগদান কৰে বিপিএপৰ কেন্দ্ৰীয় সম্পাদক তথা বিজনীৰ প্ৰাক্তন বিধায়ক নাৰ্জাৰীয়ে।

উল্লেখযোগ্য যে, ২০০৬ বৰ্ষৰ পৰা একেৰাহে তিনিবাৰকৈ বিপিএফৰ দলৰ পৰা বিজনী বিধানসভা সমষ্টিত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা কমলসিং নাৰ্জাৰীয়ে শুকুৰবাৰে বিপিএফ দল ত্যাগ কৰাটো দলটোৰ বাবে এক মোক্ষম আঘাত বুলি ৰাজনৈতিক মহলত আলোচনা হৈছে।

বিজনী জিলা ইউপিপিএলৰ উদ্যোগত দক্ষিণ গাৰগাওঁ সদ্ভাৱনা ভৱনত অনুষ্ঠিত ইউপিপিএলৰ যোগদান সমাৰোহত বিপিএফৰ সম্পাদক কমলসিং নাৰ্জাৰীসহ বিপিএফৰ ৬ জনকৈ নেতৃবৃন্দই আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে।

আজিৰ এই ইউপিপিএল দলৰ যোগদান সমাৰোহত বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফনীন বড়ো, প্ৰাক্তন সভাপতি গুণেশ্বৰ গয়াৰীৰ সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।

আজিৰ যোগদান সমাৰোহত বিটিচি প্ৰধান প্ৰমোদ বড়ো অংশগ্ৰহণ কৰি কয়- বিপিএফৰ শাসনকালত বিটিচিত আঠুৱা যোগানৰ নামত তিনিশ কোটি টকা ঋণ কৰি থৈ গৈছে। যাৰ ফল আমি এতিয়া ভূগি আছো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply