গুৱাহাটী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই জোঁকাৰি গৈছে সমগ্ৰ অসমক। এই ভয়ংকৰ ৰেগিংকাণ্ডৰ পাচতেই কঠোৰ পদক্ষেপ গ্ৰহণ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ।

এতিয়াৰে পৰা কোনো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ হোষ্টেলত থাকিব নোৱাৰিব প্ৰাক্তন ছাত্ৰ-ছাত্ৰী। এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়,  ‘‘ৰেগিঙক লৈ আইন প্ৰনয়ণ কৰিব নালাগে যদিও কেইটামান কাম আমি কৰিব লাগিব। প্ৰথমতে, বিশ্ববিদ্যালয়সমূহৰ চৌহদৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বিদায় দিব লাগিব৷ এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে এটা অভিযান চলাব।

মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ হোষ্টেলত যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল থাকিব নোৱাৰে। ইয়াৰ দ্বাৰা ৬০ শতাংশ ৰেগিং কমি যাব। আৰক্ষী আৰু মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহৰ প্ৰশাসনে একেলগে কাম কৰিলে পৰিৱেশ ভাল হ’ব”। ইয়াৰোপৰি তেওঁ ৰেগিঙক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply