নগাঁও চহৰস্থিত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল কৃষক শ্ৰমিক উন্নয়ণ পৰিষদ। শেহতীয়াকৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ড: দয়ানন্দ বৰগোহাঞিয়ে উত্থাপন কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা বুলি বিস্ফোৰক অভিযোগ তোলাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইয়াৰ পাছতে দেওবাৰে নগাঁৱত কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে এক সংবাদ মেলত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় খনৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰে। সংগঠনটোৰ মুখ্য উপদেষ্টা প্ৰদীপ কলিতা, সভাপতি মুকুল বৰাই সংবাদ মেলত নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্মকাণ্ড আৰু দৌৰাত্ম চলাই অহাৰ অভিযোগ কৰে। শিক্ষা সংসদৰ একাংশ বিষয়াৰ লগতে পৰীক্ষা নিয়ন্ত্ৰক জ্যোতি কলিতাৰ ছত্ৰছায়াত সকলো নীতি নিয়ম বিসৰ্জন দি শিক্ষাৰ নামত ব্যৱসায় চলাই আহিছে।
নিজৰ খেয়াল খুচি মতেই কনিষ্ঠ মহাবিদ্যালয় খনে ফলাফলত ষ্টেণ্ড কৰাই ৰাইজক চমক সৃষ্টি কৰিছে। তদুপৰি নগাঁও পৌৰসভাৰ অনুমতি অবিহনেই কলঙৰ দাঁতিত অবৈধ ভাৱে ছয়মহলীয়া অট্টালিকা নিৰ্মাণ কৰা কাৰ্যৰো উচিত তদন্তৰ দাবী উত্থাপন কৰিছে কৃষক শ্ৰমিক উন্নয়ণ পৰিষদে।
লগতে পঢ়ক মঙলবাৰৰ পৰা নতুন নীতি নিৰ্দেশনা, শিথিল হোৱাৰ সম্ভাবনা