যোৰহাট : যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয়ৰ সহযোগত জিলাখনৰ ৪ টা ৰাজহ চক্ৰতে যোৱা ২৫ জুন তাৰিখৰ পৰা একেলেঠাৰীয়ে অধিক তৎপৰতাৰে চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ নিৰ্দেশত আৰু আবকাৰী বিভাগৰ অধীক্ষক বনানী হোজাইৰ নেতৃত্বত আবকাৰী দলসমূহে অভিযান অব্যাহত ৰাখিছে।
জিলাখনৰ মৰিয়নিৰ বিজয়পুৰ নিউ সোনোৱাল, দুকলঙিয়া, কাঠনিবাৰী চাহ বাগিছা, তিতাবৰৰ বৰহোলা, বেকাজান, নগাবাট, ৰজাবাৰী চাহ বাগান, কেঁচাইখাতি, শিলিখা গ্ৰান্ত, কছাৰী গাঁও, যোৰহাট ৰাজচক্ৰৰ অধীনৰ নাঁওচলীয়া গাঁও, চকলাটিং বাগান, নপমুৱা গাঁও, বাঘমৰা, ২৮ নং মুৰমুৰীয়া, বৰভেটা , টীয়কৰ গড়চুক, বলমা চাওদাং গাঁও, গাভৰু, মুদৈজান, ফেঁচুৱাল আদি অঞ্চল সমূহত প্ৰায় ৪৩ টা চুলাই ঘাটি উৎখাত কৰাৰ লগতে গোচৰ ৰুজো কৰে৷ যোৱা ২৫ জুনৰ পৰা চলি থকা অভিযান কালত মুঠ ৮৫ লিটাৰ চুলাই মদ, ৭৭৩০ লিটাৰ মদ বনোৱা কেঁচা সামগ্ৰী, ২৪ টা মদ বনোৱা যন্ত্ৰ নষ্ট কৰা হয়৷
লগতে পঢ়ক : ভিডিঅ’ কনফাৰেন্সযােগে ৯ খন জিলাৰ ক’ভিড পৰিস্থিতিৰ পর্যালােচনা মুখ্যমন্ত্ৰীৰ
আনহাতে বিদেশী সুৰা ৫৯.০৪৫ L.P.L., বীয়েৰ ৭.৫ B.L. আৰু দেশীয় সুৰা ৯.৬৬ L.P.L. জব্দ কৰা হয় বুলি আবকাৰী বিভাগৰ অতিৰিক্ত উপায়ুক্ত অনুজ ব্ৰহ্মই জানিবলৈ দিয়ে৷ যোৰহাট, টীয়ক, মৰিয়নি আৰু তিতাবৰত কলা এই অভিযানকালত আবকাৰী বিষয়া কৰ্মচাৰীসকলৰ লগত আৰক্ষী প্ৰশাসন, চি আৰ পি এফৰ বিষয়া কৰ্মচাৰী আৰু ভি. ডি. পি.ৰ দলেও অতি তৎপৰতাৰে সহযোগিতা আগবঢ়ায়৷