আমিনগাঁও : কামৰূপ জিলাৰ বিভিন্ন ঠাইত আবকাৰী বিভাগৰ অভিযান। অবকাৰী বিভাগৰ অভিযানত কামৰূপ জিলাত ১৭১০ লিটাৰ চুলাই মদ জব্দ, ১২৮৩০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস। কামৰূপ জিলাত চুলাই মদৰ বিৰুদ্ধে অবকাৰী বিভাগৰ অভিযান অব্যাহত থাকিব।
চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ বাবে কামৰূপ জিলাত আবকাৰী বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে৷ এই অনুসৰি সোমবাৰে কমলপুৰৰ ককেৰীয়া, ডিগুনপাৰ, লেজা অঞ্চলত অবকাৰী বিভাগে অভিযান চলাই প্ৰায় ১,৬০০ লিটাৰ চুলাই মদ আৰু ১২,০০০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰে।
লগতে পঢ়ক : দুখীয়া কৃষকৰ বিদ্যুৎ বিল আহিল এমাহত ৪৩,৭৪১ টকা
আনহাতে যোৱা ৯ জুলাইত ধোপাতাৰী বজাৰ, মলং, আঠীয়াবৈ, বনমাজা অঞ্চলত অভিযান চলাই প্ৰায় ১১০ লিটাৰ চুলাই মদ আৰু ৮৩০ কিলোগ্ৰাম মদ বনোৱা পাচ ধ্বংস কৰিছিল অবকাৰী বিভাগে৷ ইয়াৰ উপৰি যোৱা ৮ জুলাই তাৰিখে বিলাতী সুৰাৰ লগত জড়িত দুজন ব্যক্তিক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি কামৰূপ জিলা অৱকাৰী বিভাগে জনাইছে।